![]()
বিদ্রোহ কৰা শিৱসেনা বিধায়কসকল এতিয়া বাহৰ পাতি আছে গুৱাহাটীত। তেওঁলোকক তীব্র আক্রমণ কৰি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰা (Assam Pradesh Congress President Bhupen Bora)ই কয়, ৰাজ্যত এতিয়া বান পৰিস্থিতি অথচ ৰাজকীয় আৰামত আছে শিৱসেনা বিধায়কসকল। সেয়ে একনাথ শিন্ডে (Eknath Shinde)ক সাঙ্গোপাঙ্গসহ অবিলম্বে ৰাজ্য এৰাৰ কথা ক’লে ভূপেন বৰাই।

তেওঁ কয়, ‘আপোনালোকৰ উপস্থিতিয়ে অসুস্থ পৰিবেশৰ সৃষ্টি কৰিছে।’ মহাৰাষ্ট্রৰ ৰাজনৈতি পৰিস্থিতি থৰক-বৰক। শিৱসেনা, কংগ্রেছ আৰু এনচিপিৰ মহা বিকাশ আঘাড়ি জোটৰ চৰকাৰ পতন হোৱাৰ উপক্রম হৈছে। ৪০ জন বিধায়কক লগত লৈ বিদ্রোহ কৰিছে মহাৰাষ্ট্রৰ নগৰোন্নয়ন মন্ত্রী একনাথ শিন্ডেয়ে। ২২ জুনৰ পৰা ৪০ জন বিধায়কক লগত লৈ গুৱাহাটীৰ পাঁচতাৰকা হোটেল ৰেডিছন ব্লুত আছে। প্রতিদিনে তেওঁলোকৰ বাবে খৰচ হৈছে ৬০ লাখৰো অধিক।
অসম এৰিবলৈ অনুৰোধ জনাই শিন্ডেলৈ পত্ৰ লিখিছে ভূপেন বৰাই। ৰেডিছন ব্লু হোটেল (Radission Blu)ত কর্তব্যৰত এজন আৰক্ষী বিষয়াৰ হাতত পত্ৰখন দিয়া হৈছে। পত্ৰত কংগ্রেছ নেতাজনে লিখিছে, ‘অসম এনে এটি স্থান, য’ৰ মানুহে নীতি আৰু মূল্যবোধক বহুখিনি গুৰুত্ব দিয়ে।


আপুনি যিসকল বিধায়কক লৈ গুৱাহাটীত বহি আছে মহাৰাষ্ট্র চৰকাৰ পতন ঘটোৱাৰ যি অভিযোগ শুনা গৈছে সেয়াই অসম মানুহৰ মনত বিৰূপ মনোভাবৰ সৃষ্টি কৰিছে।’













