ইতিমধ্যে দ্ৰৌপদী মুৰ্মুক (Drupadhi Mormu)জেড প্লাছ কেটেগৰী নিৰাপত্তা প্ৰদান কৰা হৈছে। ইফালে, ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী (President candidate) হিচাপে তেওঁৰ নাম ঘোষণা কৰাৰ পিছতে ঝাৰখণ্ডৰ নেত্ৰীগৰাকীয়ে ঝাড়ুৰে মন্দিৰ চৌহদ পৰিষ্কাৰ কৰে। বুধবাৰে পুৱা ময়ুৰভঞ্জৰ ৰায়ৰংপুৰস্থিত জগন্নাথ মন্দিৰত উপস্থিত হয় দ্ৰৌপদী। তাত পূজা কৰি তেওঁ শিৱ মন্দিৰলৈ যায়। মন্দিৰ চৌহদত ঝাড়ু তুলি লৈ তেওঁ চৌহদটো চাফা কৰা কামত ব্যস্ত হৈ পৰা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।
ইফালে, ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম ঘোষণা কৰাৰ পিছতে দ্ৰৌপদীয়ে কয় যে, “মই সঁচাকৈয়ে আচৰিত হৈছো। এনেকুৱা হৈছে বুলি বিশ্বাস কৰিব পৰা নাই। তাৰ বাবে মই কৃতজ্ঞ ৷ যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিম তেতিয়াৰ পৰাই সংবিধান মানি চলিম।’’
আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁক সম্ভাষণ জনায়।গুৰুত্বপূৰ্ণ কথা এই যে,উৰিষ্যাৰ এটা খিলঞ্জীয়া পৰিয়ালত ১৯৫৬ চনত জন্মগ্ৰহণ কৰিছিল দ্ৰৌপদী মুৰ্মুৱে। প্ৰথমতে তেওঁ পেছাত এগৰাকী শিক্ষয়িত্ৰী আছিল। ১৯৯৭ চনত তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হয়। তেওঁ ৰাইৰাংপুৰ জিলা ব’ৰ্ডৰ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয়।
ইয়াৰ পিছতে তেওঁ দুবাৰকৈ বিধায়কৰ আসনত বহিছিল। তেওঁ নবীন পাটনায়কৰ কেবিনেটতো আছিল। ইয়াৰ পিছতে যোৱা বছৰলৈকে ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মুৰ্মুৱে। ৮৪ বছৰীয়া দ্ৰৌপদী মুৰ্মুৱে ২৫ জুনত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব পাৰে বৰ্তমান বিভিন্ন মাধ্যমৰ জৰিয়তে যথেষ্ট চৰ্চা চলিছে।