নেচনেল হেৰাল্ড গোচৰত হাজিৰৰ তাৰিখ কেইসপ্তাহমান পিছুৱাই দিয়াৰ বাবে অনুৰোধ কৰি এনফৰ্চমেন্ট ডিৰেক্টৰেট (ইডি) (ED)লৈ চিঠি পঠালে ছোনিয়া গান্ধী (Sonia Gandhi)য়ে । ইডিলৈ পঠোৱা চিঠিত কংগ্রেছ সভানেত্রীগৰাকীয়ে জনালে যে সম্প্রতি কৰোনাত আক্রান্ত হোৱাৰ কাৰণে তেওঁৰ শৰীৰ অসুস্থ আৰু হাওঁফাওঁতো সংক্রমণ দেখা দিছে। গতিকে সম্পূৰ্ণ সুস্থ হৈ উঠা পর্যন্ত ইডিত হাজিৰ হোৱা পৰা অব্যাহতি বিচাৰিলে ছোনিয়াই ।
ননেচনেল হেৰাল্ড গোচৰত অহা ২৩ জুনত ছোনিয়াক সোধাপোছাৰ বাবে তলব কৰিছিল ইডিয়ে । ইয়াৰ আগতে চলিত মাহৰ ৮ তাৰিখে কংগ্রেছ সভানেত্রীগৰাকীক এই গোচৰৰ সোধাপোছাৰ কাৰণে তলব কৰে ইডিয়ে ।
কিন্তু কোভিড সংক্রমণৰ কাৰণে সেই সময়ত ইডি কাৰ্যালয়ত হাজিৰ হ’ব নোৱাৰিলে তেওঁ ।
কংগ্রেছ নেতা জয়ৰাম ৰমেশে এটি টুইটযোগে জনায়, ‘কোভিডজনিত অসুস্থতা আৰু হাওঁফাওঁৰ সংক্রমণৰ কাৰণে ছোনিয়া গান্ধীক চিকিৎসকে ঘৰতে জিৰণি ল’বলৈ পৰামর্শ দিছে। সেয়ে কংগ্রেছ সভানেত্রীগৰাকীয়ে বুধবাৰে ইডিলৈ চিঠি পঠিয়াই জনাইছে, সম্পুৰ্ণ সুস্থ নোহোৱা পর্যন্ত তেওঁক যেন হাজিৰ হোৱাৰ পৰা ৰেহাই দিয়ে ।