ভাৰতীয় বংশৰ গৱেষক আৰতি প্ৰভাকৰ (Arati Prabhakar)ক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে (Joe Biden) তেওঁৰ শীৰ্ষ বিজ্ঞান উপদেষ্টা হিচাপে মনোনীত কৰিছে। বাইডেনৰ এই সিদ্ধান্তক আমেৰিকাৰ আমেৰিকান সমাজে ঐতিহাসিক বুলি প্ৰশংসা কৰিছে।
মঙলবাৰে ৰাষ্ট্ৰপতি বাইডেনে কয় যে ” ড০ প্ৰভাকৰ এজন অসাধাৰণ অভিযন্তা আৰু প্ৰয়োগ পদাৰ্থবিজ্ঞানী। তেওঁ এজন অতিশয় সন্মানীয় পণ্ডিত। তেওঁ দক্ষ নেতৃত্বৰ জৰিয়তে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ কাৰ্যালয়ৰ নেতৃত্ব দিব। তেওঁ অসম্ভৱ কাম কৰিব পাৰে, সেইটোৱেই মোৰ বিশ্বাস।”
ছিনেটৰ মনোনয়ন ছীল কৰিলে ড° আৰতি হ’ব আমেৰিকাৰ ইতিহাসত প্ৰথমগৰাকী অভিবাসী মহিলা যিয়ে অফিচ অৱ চাইন্স এণ্ড টেকন’লজি পলিচি (অ’এছটিপি)ৰ মুখ্য সঞ্চালিকা হ’ব। তদুপৰি তেওঁ বাইডেন প্ৰশাসনৰ অন্যতম উচ্চ শিক্ষিত ভাৰতীয়।
উল্লেখ্য যে , দিল্লীত জন্ম গ্ৰহণ কৰা ড° প্ৰভাকৰে তিনি বছৰ বয়সত মাক-দেউতাকৰ সৈতে আমেৰিকালৈ গুচি যায়। প্ৰথম গন্তব্যস্থান আছিল চিকাগো। ইয়াৰ পিছত যেতিয়া আৰতিৰ বয়স ১০ বছৰ হৈছিল তেতিয়া তেওঁলোক টেক্সাছলৈ গুচি যায়। টেক্সাছ টেক ইউনিভাৰ্চিটিৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰতিয়ে। কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা এপ্লাইড ফিজিক্সত পি এইচ ডি লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হোৱা আৰতিয়ে সেই শিক্ষানুষ্ঠানতে ইঞ্জিনিয়াৰিঙত এম এছ কৰিছিল ।
বৰ্তমান ষ্টেনফৰ্ডৰ চেণ্টাৰ ফৰ এডভান্সড ষ্টাডি আৰু ইনষ্টিটিউট অৱ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰৰ ফেলো আৰু নেচনেল একাডেমী অৱ ইঞ্জিনিয়াৰিঙৰ সদস্য ড° আৰতিয়ে কিছুদিনৰ পৰা ছিলিকন ভেলীতো কাম কৰি আহিছে।