সমগ্ৰ বিশ্বৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো অনুষ্ঠিত হয় অষ্টম আন্তৰ্জাতিক যোগ দিৱস ৷ কাৰবি আংলং ক্ৰী়ড়া ভাৰতীৰ উদ্যোগত আৰু কাৰবি আংলং ক্ৰীড়া সন্থাৰ সহযোগত ডিফুৰ অত্যাধুনিক কাছা খেলপথাৰত বন্তি প্ৰজলন কৰি অষ্টম আন্তৰ্জাতিক যোগ দিৱসৰ শুভউদ্ধোধন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে ৷
উক্ত যোগ দিৱসৰ কাৰ্যসূচীত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে ,বিধায়ক দ্বয় বিদ্যাছিং ইংলেং, দৰছিং ৰংহাঙকে প্ৰমুখ্য কৰি বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে ৷ সমাজ সেৱক ছচেং ৰংফাৰে অংশগ্ৰহণকাৰীসকলক এক ঘণ্টা সময়ৰ বাবে সুন্দৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷
আনহাতে কাৰবি আংলং ক্ৰীড়া ভাৰতীৰ সাধাৰণ সম্পাদক কুমুদ মিথিয়ে কয়যে কাছা খেলপথাৰত অনুষ্ঠিত আন্তৰ্জাতিক যোগ দিৱসত ক্ৰমে, এথলেটিকছ , ফুটবল সন্থা, কেৰাটে আৰু টাইকোৱাণ্ডো সন্থাৰ লগতে চিআৰপিএফৰ ২০ বিএন বেটেলিয়েনৰ প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰিছে ৷
আনহাতে ডিফুৰ কাছা খেলপথাৰত অনুষ্ঠিত যোগ দিৱসত চিআৰপিএফ ২০ বেটেলিয়েনৰ কামাণ্ডেণ্ট স্বৰ্ণ সিঙ আৰু দ্বিতীয় কামাণ্ডাৰ তিলকৰাজ শৰ্মাৰ নেতৃত্বত প্ৰায় ১৭৫ গৰাকী জোৱানে অংশগ্ৰহণ কৰি যোগ দিৱসটিক সাফল্য মণ্ডিত কৰি তোলে ৷