ASSAM TIMES POST
গুৱাহাটীঃ গত ২১ অক্টোবৰত অনুষ্ঠিত ১ নং ৰাতাবাৰী বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বৃহস্পতিবাৰে সম্পন্ন হোৱা ভোটগণনা অনুসৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিজয় মালাকাৰে জয়লাভ কৰিছে। তেওঁ ২৩ হাজাৰ ৯৮২ টা ভোটৰ ব্যৱধানত নিকট প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থী কেশৱ প্ৰসাদ ৰাজাকক পৰাস্ত কৰে। মালাকাৰে ৬৮,৫১২ টা ভোট লাভ কৰাৰ বিপৰীতে ৰাজাকে ৪৪,৫৩০ টা ভোট লাভ কৰে। উল্লেখ্য, বৃহস্পতিবাৰে পুৱা ভোটগণনা আৰম্ভ হোৱাৰ লগে লগেই বিজেপিৰ প্ৰাৰ্থীজনে অগ্ৰগতি লাভ কৰিছিল।













