ক্ৰমাৎ অৱনতি ঘটিছে ৰাজ্যৰ বান পৰিস্থিতিৰ। ভূমিস্খলন আৰু বানত উটি গৈ বিগত ২৪ ঘণ্টাত ৰাজ্যত প্ৰায় ১১ জনৰ মৃত্যু হৈছে। ৰাজ্যৰ ৩০ জিলাত প্ৰায় ৪২ লাখ লোক ক্ষতিগ্রস্ত হৈছে। সোমবাৰে এই তথ্য জনাইছে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সৈতে কথা পাতি উদ্বেগ প্রকাশ কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে।
সোমবাৰ পর্যন্ত অসমত বান পৰিস্থিতিৰ কাৰণে ৭০ জনৰো অধিক লোকৰ মৃত্যু হৈছে। তেওঁলোকৰ ভিতৰত দুজন আৰক্ষীও আছে। বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ গৈ উটি যায় নগাঁও জিলাৰ এগৰাকী আৰক্ষী বিষয়া।
ভয়াবহ বানত সৰ্বাধিক ক্ষয়-ক্ষতি হৈছে বৰপেটা, বাক্সা, গোৱালপাৰা আৰু কামৰূপত। বৰপেটাৰ প্রায় ২১ শতাংশ বান কবলিত। কাছাৰ জিলাত তিনিজনৰ মৃত্যু হৈছে। দুজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে বৰপেটাত।
বজালী, কামৰূপ, কৰিমগঞ্জ, ওদালগুৰিত এজনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ডিব্রুগড়ত চাৰিজন নিখোঁজ। কাছাৰ, হোজাই, তামুলপুৰ, ওদালগুৰিত এজনকৈ নিখোঁজ। প্ৰবল বৰষুণৰ কাৰণে মেঘালয়তো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতেও কথা পাতে গৃহমন্ত্রীয়ে।
তেওঁ টুইটাৰত লিখে, ‘প্ৰবল বৰষুণ আৰু বান পৰিস্থিতি সন্দৰ্ভত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতে কথা হৈছে। এই জৰুৰী সময়ত দুয়োখন ৰাজ্যৰেই কাষত আছে মোদী চৰকাৰ।’ তেওঁ লগতে জনায়, শীঘ্ৰেই বান কবলিত অঞ্চল পৰিদর্শন কৰিব এটি কেন্দ্রীয় দলে।