
যোৱা দেওবাৰৰ পৰা হস্পিটেলত ভর্তি হৈ আছিল চোনিয়া গান্ধী। কোভিড পৰৱর্তী জটিলতাৰ কাৰণে তেওঁৰ চিকিৎসা চলি আছে। শ্বাসনলীত ফাঙ্গাল ইনফেকচন ধৰা পৰিছে। এক প্রেছ বিবৃতিত এই কথা জনাইছে কংগ্রেছ নেতা জয়ৰাম ৰমেশে। ৰমেশ কংগ্রেছৰ জনসংযোগ বিভাগৰ সাধাৰণ সম্পাদক।
উল্লেখ্য, ২ জুনত কোভিড ধৰা পৰে চোনিয়া গান্ধীৰ। ১২ জুনত তেওঁ গঙ্গাৰাম হস্পিটেলত ভর্তি হয়। জানিব পৰা মতে তেওঁৰ নাকেৰে ৰক্ত ক্ষৰণ হৈছিল। সেই কাৰণেই ভর্তি কৰোৱা হয় হস্পিটেলত। বৰ্তমান তেওঁ চিকিৎসকৰ পর্যবেক্ষণত আছে। নিয়মিত তেওঁক সাক্ষাৎ কৰি আছে ৰাহুল আৰু প্রিয়ঙ্কা গান্ধীয়ে।












