![]()
ছুটি লৈ গাঁৱৰ ঘৰলৈ গৈছিল জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ পৰিদৰ্শক ফাৰুক আহমেদ মিৰ। শুক্রবাৰে নিশা ঘৰৰ ওচৰৰ খেতি পথাৰৰ পৰা উদ্ধাৰ হয় তেওঁৰ গুলীবিদ্ধ মৃতদেহ।
পুলৱামা জিলাৰ পম্পোৰৰ এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলিয়ে জনাইছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। প্রাথমিক তদন্তত জানিব পৰা গৈছে, শুক্রবাৰে বিয়লি ফাৰুকে তেওঁৰ সাম্বোৰা গাঁৱৰ ঘৰৰ পৰা কিছু দূৰৈত পথাৰত কাম কৰি আছিল। সেই সময়তে কেইজনমান সন্ত্ৰাসবাদীয়ে তেওঁক গুলীয়াই হত্যা কৰে।
জম্মু-কাশ্মীৰৰ ‘ইণ্ডিয়ান ৰিজার্ভ পুলিচ’ (আইআৰপি) বেটেলিয়নৰ ছাব-ইনস্পেক্টৰ ফাৰুকক পূৰ্বতে হত্যাৰ ভাবুকি দিয়া হৈছিল বুলিও স্থানীয় সূত্রৰ খবৰ।











