
১০০ বছৰত ভৰি দিব প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মাতৃ হীৰাবেন মোদীয়ে। সেই উপলক্ষে তেওঁৰ নামত পথৰ নামকৰণৰ সিদ্ধান্ত গ্ৰহণ গুজৰাটৰ গান্ধীনগৰ পৌৰসভাৰ। অহা শনিবাৰে শতবর্ষত ভৰি দিব হীৰাবেনে। তাৰ পূৰ্বে বুধবাৰে ৰায়ছান এলেকাৰ ৮০ মিটাৰ দীঘল পথটোৰ নাম ‘পূজ্য হীৰাবা মার্গ’ ৰখা হৈছে।
গান্ধীনগৰৰ মূল চহৰৰ কাষতেই ৰায়ছানত সৰু পুত্ৰ পঙ্কজ মোদীৰ সৈতে থাকে হীৰাবেন। গান্ধীনগৰ পৌৰসভাৰ অধীনস্থ উক্ত এলেকাটো। মেয়ৰ হিতেশ মাকৱানাই কয়, ‘‘১০০ বছৰত ভৰি দিব হীৰাবায়ে। সেয়ে ৰায়ছান এলেকাৰ উক্ত পথটোৰ নাম পূজ্য হীৰা মার্গ ৰখাৰ সিদ্ধান্ত লৈছো আমি। যাতে প্ৰজন্মই তেওঁৰ জীৱনৰ পৰা শিক্ষা ল’ব পাৰে।’’













