
ৰাহুল উঠা… ৰাহুল সাৰে আছানে?… ৰাহুল, তোমাৰ বাবে কল আনিছোঁ….একেৰাহে প্রায় পাঁচ দিন ধৰি উবুৰি হৈ শুই এই কথাবোৰকেই এজন ব্যক্তিয়ে কৈ গৈছিল ৮০ ফুট তলত কুঁৱাত পৰা কিশোৰজনক। তেওঁ হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ মোকাবিলা বাহিনী (এনডিআৰএফ)ৰ সদস্য বি অনিল কুমাৰ।
১১ বছৰীয়া ৰাহুলে কাণেৰেও নুশুনে, কথাও ক’ব নোৱাৰে। ফলত তেওঁক এই বার্তা দিয়াটো যে কিমান প্ৰত্যাহ্বানজনক আছিল সেই মুহূর্তবোৰৰ কথা স্মৰণ কৰি আবেগিক হৈ পৰে অনিল। তেওঁ কয়, “ৰাহুলক অনবৰতে মাতি গৈছোঁ। শব্দৰ কম্পন ৰাহুলৰ কাষ পাইছিল। ঈশ্বৰৰ অশেষ কৃপা যে, মোৰ সেই আহ্বানত সঁহাৰিও দিছিল সি।”
ৰাহুলৰ অৱস্থান জানিবলৈ ৰছীৰ সহায়ত কুঁৱাৰ ভিতৰলৈ কেমেৰা পঠোৱা হৈছিল। অনিলে আৰু কয়, “উক্ত কেমেৰাৰ জৰিয়তে চাবলৈ চেষ্টা কৰিছিলোঁ, ৰাহুল সঠিক কি অৱস্থাত আছে। প্রথমতে মনত এক শঙ্কা সৃষ্টি হৈছিল যে, ল’ৰাটো বাচি আছেনে? কিন্তু কেমেৰাত সি লৰচৰ কৰা দেখাৰ পিছতেই মনত সাহস পাইছিলো। নিজকে বাৰম্বাৰ কৈছিলোঁ, ল’ৰাটোক বচাবই লাগিব।”













