ৰাষ্ট্রপতি নির্বাচনত ‘সর্বসন্মতভাবে’ এজন প্রার্থী থিয় কৰাব বিৰোধীয়ে। বুধবাৰে দিল্লীত মমতা বেনাৰ্জীৰ আহ্বানত কনষ্টিটিউচন হলত অনুষ্ঠিত বিৰোধী দলসমূহৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বিৰোধীৰ বৈঠকৰ শেষত মমতাই কয়, ‘‘আজিৰ বৈঠকত বহুকেইটা দলে যোগ দিছে। আমি সিদ্ধান্ত লৈছো, সর্বসন্মতভাবে এজনক প্রার্থী হিচাবে নিৰ্বাচন কৰা হ’ব।সকলোৱে তেওঁক সমর্থন জনাব। আমি বাকীসকলৰ সৈতেও কথা পাতিম। পুনৰ একেলগে আলোচনাত বহিম।’’
বৈঠকত ৰাষ্ট্রপতি পদপ্রার্থী হিচাবে ‘সর্বসন্মতিক্ৰমে’ এনচিপি নেতা শাৰদ পাৱাৰৰ নাম প্রস্তাব কৰা হয় বুলি সংবাদ মেলত মমতাই জনায়। এই প্রসঙ্গত বংগৰ মুখ্যমন্ত্রীগৰাকীয়ে কয়, ‘‘বৈঠকত সর্বসন্মতভাবে শাৰদ পাৱাৰৰ নাম প্রস্তাব কৰা হৈছে। তেওঁ বিচাৰিলে আমি সকলোৱে তেওঁকে সমর্থন জনাম।’’ পাৱাৰ ৰাজী নহ’লে ‘সর্বসন্মতভাবে’ অন্য এজনক প্রার্থী নিৰ্বাচন কৰা হ’ব বুলিও মমতাই জনায়।
উল্লেখ্য, ৰাষ্ট্রপতি পদপ্রার্থী হিচাবে বিৰোধী শিবিৰত শাৰদ পাৱাৰৰ নাম চৰ্চাৰ কেন্দ্রবিন্দুত আছিল। কিন্তু পাৱাৰে ইয়াক নাকচ কৰি তেওঁৰ ‘অনিচ্ছা’ৰ কথা স্পষ্ট কৰিছে। আনহাতে, ৰাষ্ট্রপতি নির্বাচনত সংখ্যা কি হয়, সেয়া জনাৰ পিছতেই এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি এনসচিপিয়ে জনাইছিল।
লগতে গান্ধীৰ নাতিনি গোপালকৃষ্ণ গান্ধীৰ নামো চর্চালৈ আহিছে। বিৰোধী শিবিৰৰ একাংশৰ সৈতে আলোচনাত বংগৰ প্রাক্তন ৰাজ্যপালগৰাকীয়ে ‘ইতিবাচক সন্মতি’ দিয়া বুলিও খবৰ।বুধবাৰে ২২টাৰ ভিতৰত ১৭টা বিজেপি বিৰোধী দলে বৈঠকত অংশগ্ৰহণ কৰে। আপ, টিআৰএছসহ পাঁচটা দল বৈঠকত উপস্থিত নাছিল।