অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব ২০২২ বৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ আনহাতে, যদি প্ৰয়োজন হয় তেন্তে ২১ জুলাইত হ’ব ভোটগণনা৷ নিৰ্বাচন আয়োগে আজি এই কথা ঘোষণা কৰে৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ হৈছে অহা ২৯ জুন৷
উল্লেখ্য, বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দৰ কাৰ্যকাল অন্ত পৰিব অহা ২৪ জুলাইত৷ আৰু তাৰ পূৰ্বেই নতুন কাৰ্যকালৰ বাবে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকী নিৰ্বাচন কৰিব লাগিব৷ নতুন ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিব অহা ২৫ জুলাইত৷
২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মুঠ ৪,৮০৯গৰাকী ইলেক্টৰ্ছে ভোটদান কৰিব৷ আনহাতে, কোনো ৰাজনৈতিক দলেই তেওঁলোকৰ সদস্যসকলৰ বাবে কোনো হুইপ জাৰি কৰিব নোৱাৰিব বুলি সংবাদমেলত ব্যক্ত কৰে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে৷
ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰা কাৰ্যক ইলেক্টৰেল কলেজ বোলা হয়৷ ইয়াত থাকে ৰাজ্যসভা আৰু লোকসভাৰ পৰা মুঠ ৭৭৬ সদস্যৰ ভোট আৰু ৪,০৩৩জন বিধায়কৰ ভোট৷ মুঠ ৪,৮০৯টা ভোটদান হ’ব লাগে৷ আনহাতে, এগৰাকী বিধায়কৰ ভোটৰ মূল্য হৈছে ৫৪৩.২৩১ আৰু এগৰাকী সাংসদৰ ভোটৰ মূল্য হৈছে ৫৪৩.২০০৷