নতুন স্থায়ী জমা অৰ্থাৎ ফিক্সড ডিপ’জিটৰ ওপৰত সুতৰ হাৰ বৃদ্ধিৰ দিশে আগবাঢ়িছে ভাৰতীয় ষ্টেট বেঙ্ক। দেশৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয়কৃত বেঙ্কটোৰ অধ্যক্ষ দীনেশ কুমাৰ খাঁড়াই এই কথা জনাইছে। উল্লেখ্য, বুধবাৰে ৰিজার্ভ বেঙ্ক অব ইণ্ডিয়াই ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।
ফলত নতুন ৰেপো ৰেট হৈছে ৪.৯ শতাংশ। ৰেপো ৰেট বৃদ্ধিয়ে ঘৰ-গাড়ীৰ বেঙ্ক ঋণৰ সুতৰ হাৰো বাঢ়িব পাৰে বুলি আশঙ্কা কৰা হৈছে। তেনে ক্ষেত্রত সাধাৰণ মানুহৰ ওপৰত ইএমআইৰ বোজাও বাঢ়িব পাৰে বুলি অনুমান অর্থনৈতিক বিশেষজ্ঞসকলৰ। কিন্তু দেশৰ বৃহত্তম বেঙ্কটোৱে স্থায়ী জমাত সুত বৃদ্ধি কৰিলে তাৰ ফলত সুবিধা পাব নতুন জমাকাৰীসকলে।
অৱশ্যে স্থায়ী জমাৰ ওপৰত ষ্টেট বেঙ্কৰ সুত বৃদ্ধিৰ সিদ্ধান্ত এতিয়াও আনুষ্ঠানিকভাবে ঘোষিত কৰা হোৱা নাই। কিন্তু এক সংবাদ মাধ্যমত দীনেশে জনাইছে, নতুন সুতৰ হাৰতেই নতুন স্থায়ী জমা গ্রহণ কৰা হ’ব।
উল্লেখ্য, বর্তমান এছবিআইয়ে গ্রাহকক ১২-২৪ মাহৰ স্থায়ী জমাত ৫.১০ শতাংশ সুত দি আছে। ৩-৫ বছৰত সুতৰ হাৰ ৫.৪৫ শতাংশ।
ADVERTISEMENT
ADVERTISEMENT