ASSAM TIMES POST
নগাঁওঃ চিকিৎসা সেৱাত গাফিলতিকে ধৰি নানা বিতৰ্কৰ মাজত সময়ে সময়ে সোমাই পৰা মধ্য অসমৰ অন্যতম গুৰুত্বপূর্ণ চৰকাৰী চিকিৎসালয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পুনৰ আন এক বিতৰ্কৰ মাজত সোমাই পৰিছে । এইবাৰ কোনো চিকিৎসক অথবা নাৰ্চৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতিৰ অভিযোগ উত্থাপিত হোৱা নাই ।
বৰঞ্চ চিকিৎসালয়খনৰ চৌহদৰ পৰিবেশ বিনষ্ট কৰাৰ আন এক গুৰুতৰ অভিযোগহে উত্থাপিত হৈছে চিকিৎসালয়খনত কৰ্মৰত এজন স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে । অভিযোগ মতে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদত থকা পুহিৰাম বৰা নামৰ স্বাস্থ্য কৰ্মীজনৰ কন্যাৰ তোলনি বিয়া উপলক্ষে কালি নিশা এক অভ্যর্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
উক্ত বিবাহ অনুষ্ঠানত মনোৰঞ্জনৰ বাবে উচ্চ স্বৰৰ আধুনিক ডি জে নাইটৰো আয়োজন কৰে। ডি জে নাইটৰ উচ্চ প্ৰাবল্যৰ সংগীতে চিকিৎসালয়খনৰ নিশাৰ শান্ত পৰিবেশ বিনষ্ট কৰাৰ লগতে বিভিন্ন কক্ষত চিকিৎসাধীন হৈ থকা ৰোগীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।
বিশেষকৈ বিবাহ অনুষ্ঠানৰ কাষতে থকা কক্ষৰ হৃদৰোগীসকলে চৰম যন্ত্ৰনাত কটাবলগীয়া হয়। এখন চৰকাৰী চিকিৎসালয়ৰ চৌহদত এনেদৰে ডি জে নাইটৰ আয়োজন কৰাৰ বাবে কোনে অনুমতি প্রদান কৰিলে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে । এই ক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষৰ ভূমিকাত ৰোগীৰ লগতে ৰোগীৰ অভিভাৱকে তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে।
বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত ৰোগীক পৰ্যাপ্ত সুবিধা প্রদান কৰাৰ লগতে চিকিৎসালয়ৰ পৰিবেশ উন্নত কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰা বুলি ঘোষণা কৰি অহাৰ সময়তে এখন গুৰুত্বপূর্ণ চিকিৎসালয়ত এনেদৰে ডি জে নাইট অনুষ্ঠিত কৰাত চিকিৎসালয় কৰ্তৃপক্ষই অনুমতি প্রদান কৰাত সচেতন মহলে আশ্চর্য প্ৰকাশ কৰিছে ।













