ASSAM TIMES POST
জিতেন বৰকটকী, নগাঁওঃ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে আজি নগাঁও জিলা বিজেপিৰ উদ্যোগত নগাঁও সদৰ বিধান সভা সমষ্টিত গান্ধী সংকল্প যাত্ৰা আৰম্ভ হয়। নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত বিধান সভা সমষ্টিসমুহত আয়োজন কৰা এই সংকল্প যাত্ৰা ১৫ অক্টোবৰত লামডিঙত আৰম্ভ হয়।
কালি বঢ়মপুৰ সমষ্টিত অনুষ্ঠিত হোৱাৰ পিছত আজি নগাঁৱত এই যাত্ৰা অনুষ্ঠিত হয়। নগাঁও শ্বহীদ ভৱনৰ পৰা আৰম্ভ হোৱা এই সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই কয় যে বিজেপি দল মহাত্মা গান্ধীৰ অহিংস নীতিত বিশ্বাসী। আমাৰ দেশখনক আগুৱাই নিয়াৰ বাবে গান্ধীজীৰ ভাৱধাৰাৰ জৰিয়তে আগবাঢ়ি যাব লাগিব।

ভাষণ প্ৰসংগত তেওঁ বিজেপিৰ নেতা-কৰ্মী সকলক গান্ধীজীৰ ভাৱধাৰা জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ আহ্বান জনায়। সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে জাতিৰ পিতা মহাত্মা গান্ধী আজি সমগ্ৰ বিশ্বৰে এগৰাকী আদৰ্শ ব্যক্তি। তেওঁ ভাতৰবৰ্ষত ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। আমি এই সপোনক বাস্তৱায়িত কৰাৰ সংকল্প লব লাগিব।
এই সংকল্প যাত্ৰাত প্ৰাক্তন ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন বিধায়ক তথা বিজেপিৰ নগাঁও জিলা সমিতিৰ প্ৰভাৰী যাদৱ ডেকা, নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ বিস্তাৰক পলাশ লাহন, নগাঁও পৌৰসভাৰ পৌৰপতি দিগন্ত দাস আদিয়ে অংশগ্ৰহণ কৰে। সংকল্প যাত্ৰাত নগাঁও জিলা বিজেপিৰ পাখিমৰীয়া, কাছমাৰী, খাগৰিজান মণ্ডলৰ বিষয়ববীয়া সমন্বিতে সহস্ৰাধিক বিজেপি নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
শ্বহীদ ভৱনৰ পৰা নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁও হৈ খুটিকটীয়া শেনচোৱাৰে গৈ বেবেজীয়াত এখন পথসভা অনুষ্ঠিত কৰে। এই পথসভা বেবেজীয়াৰ স্থানীয় পঞ্চায়ত সমিতি সমুহৰ উদ্যোগত অনুষ্ঠিত হয়। সভাত বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰি সকলোকে গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়।













