ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়ঃ সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ লালচান্দ প্ৰেক্ষাগৃহত হোৱা সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ পঞ্চবিংশতিতম বাৰ্ষিক সাধাৰন অধিবেশনখনিত আগন্তুক বৰ্ষৰ বাবে এখনি নতুন কাৰ্যনিবাহক যোৱা ২১ অক্টোবৰত সুকলমে গঠন কৰা হয়।
উক্ত কাৰ্যনিবাহক সভাখনিত ৫খন শাখা ছাত্ৰ সন্থা,৫খন মহাবিদ্যালয় আছু গোট আৰু ডিব্ৰুগড়ৰ অন্তৰ্গত ৪৯ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰে।উক্ত প্ৰতিনিধি সভাত ৰূপজ্যোতি বৰঠাকুৰক সভাপতি আৰু গুঞ্জন মেছক সাধাৰন সম্পাদক হিচাপে নিৰ্বাচিত কৰি ৬৩ জনীয়া সদস্যৰে এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়।
উক্ত সভাত বিশেষভাবে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক অনিল গগৈ,জিলা ছাত্ৰ সন্থাৰ সভাপতি লিখন বৰুৱা,সাধাৰন সম্পাদক শংকৰজ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়া।উক্ত সভাতে ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা অনুপম শইকীয়া আৰু দিব্যজ্যোতি হাজৰিকাক বিদায় সম্বৰ্ধনা জনোৱা হয়।













