কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ হত্যাকাণ্ড। বৃহস্পতিবাৰে নিশা বদগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চিকাৰ হয় দুই শ্রমিক। তাৰে ভিতৰত এজন নিহত হয়। আহত আনজন। দুয়ো বিহাৰৰ বাসিন্দা।পুলিশ সূত্র মতে, দুয়োজন শ্রমিকে চাদুৰা এলেকাৰ মগ্রেপোৰাত এটি ইটভাতাত কাম কৰিছিল।
বৃহস্পতিবাৰে নিশা তাত সন্ত্ৰাসবাদী প্ৰৱেশ কৰি দুই শ্রমিকক গুলীয়ায়। স্থানীয় স্বাস্থ্য কেন্দ্রলৈ দুয়োকে লৈ গ’লেও চিকিৎসকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দিলখুশ কুমাৰক (১৭) শ্রীনগৰৰ এছএমএইচএছ হস্পিটেললৈ স্থানান্তৰৰ পৰামর্শ দিয়ে। তাতে তেওঁৰ মৃত্যু হয়। গুৰি নামৰ আনজন শ্রমিকৰ অৱস্থা সুস্থিৰ বুলি আৰক্ষী সূত্রে জনোৱা হৈছে। বিগত তিনি দিনত এই লৈ সন্ত্ৰাসবাদীৰ আক্ৰমণত উপত্যকাটোত মৃত্যু হ’ল তিনিজনৰ।
তাৰে ভিতৰত দুজন ভিন্ন ৰাজ্যৰ। বৃহস্পতিবাৰে দুপৰীয়া কুলগাম জিলাৰ এল্লাকুয়াই দেহাতি বেঙ্কৰ ভিতৰত সোমাই বিজয় কুমাৰ নামৰ বেঙ্ক মেনেজাৰজনক গুলীয়াই হত্যা কৰে এজন আততায়ীয়ে। বিজয় আছিল ৰাজস্থানৰ বাসিন্দা।
মঙ্গলবাৰেও কুলগাম জিলাৰ গোপালপোৰা এলেকাৰ এখন স্কুল চৌহদত প্ৰৱেশ কৰি শিক্ষয়িত্ৰী ৰজনী বালাক হত্যা কৰা হয়। তাৰ পূৰ্বে ১৩ মে’ত বদগামত জিলাখনৰ চৰকাৰী কর্মচাৰী ৰাহুল ভট্ট নিজৰ কাৰ্যালয়তে সন্ত্ৰাসবাদীৰ চিকাৰ হৈছিল।
তেওঁলোক দুয়োজনেই আছিল কাশ্মীৰী পণ্ডিত। উল্লেখ্য, বিগত অক্টোবৰ মাহতো সন্ত্ৰাসবাদীৰ গুলীৰ চিকাৰ হৈছিল বিহাৰৰ তিনি শ্রমিক। বিগত কেইবা মাহ ধৰি উপত্যাকাটোত সন্ত্ৰাসবাদীয়ে বাছি বাছি সংখ্যালঘু হিন্দু আৰু শিখ সম্প্রদায়ৰ লোকক হত্যা কৰিছে। ইতিমধ্যে নিৰাপত্তাৰ দাবীত সৰৱ হৈছে কাশ্মীৰী পণ্ডিতসকল।