![]()
কোভিড আক্রান্ত হৈছ ছোনিয়া গান্ধী। নিজকে আইছ’লেচনত ৰাখিছে। ৮ জুনত নেচনেল হেৰাল্ড গোচৰত ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ কথা। নির্দিষ্ট দিনত অৱশ্যে তেওঁ উপস্থিত থাকিব বুলিও দলৰ তৰফৰ পৰা জনোৱা হৈছে।
আজি কংগ্রেছ নেতা ৰণদীপ সুৰজেৱালাই কয়, কোভিডত আক্রান্ত হৈছে ছোনিয়া গান্ধী। সামান্য জ্বৰ আৰু মৃদু উপসর্গ আছে। নিজকে আইছ’লেচনত ৰাখিছে। চিকিৎসা চলিছে। আজিৰ দৰে অৱস্থা থাকিলে তেওঁ ৮ জুনত ইডিৰ কাৰ্যালয়ত উপস্থিত হ’ব। ধন আত্মসাতৰ অভিযোগত ছোনিয়া আৰু ৰাহুল গান্ধীলৈ চমন জাৰি কৰিছে ইডিয়ে।

আজিয়েই উপস্থিত হোৱাৰ কথা আছিল ৰাহুল গান্ধীৰ। কিন্তু তেওঁ বিদেশত থকা বাবে ৫ জুনৰ পিছত ইডিৰ কাৰ্যালয়ত উপস্থিত হ’ব।













