![]()
অন্ততলোকলৈ গতি কৰিলে সঙ্গীতশিল্পী কৃষ্ণকুমাৰ কুনাথ ওৰফে সকলোৰে প্ৰিয় কেকে। কেকেৰ আকস্মিক মৃত্যুত শোকস্তব্ধ সঙ্গীত জগতৰ তাৰকাসকলৰ লগতে লক্ষ লক্ষ ভক্ত। বুধবাৰে সন্ধিয়া কলকাতাত ৰবীন্দ্র সদনত ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হয়। তাৰ পিছতে তেওঁৰ মৃতদেহ লৈ মুম্বাইলৈ ৰাওনা হয় কেকেৰ পৰিয়াল।
বৃহস্পতিবাৰে পুৱাৰে পৰা ভাৰছোভা পার্ক প্লাজাত ৰখা হৈছিল কেকেৰ মৃতদেহ। তাতেই তেওঁক অন্তিম বিদায় জনাবলৈ উপস্থিত হয় সঙ্গীত জগতৰ বহু তাৰকা। কেকেক শেষ শ্রদ্ধা জনাবলৈ আহে হৰিহৰণ, শ্রেয়া ঘোষাল, আলকা ইয়াগনিক, অভিজিৎ ভট্টাচার্য্য, চেলিম মার্চেন্ট আদি। আহে পৰিচালক বিশাল ভাৰদ্বাজ, কবীৰ খানো।

দুপৰ ১ বজাত পার্ক প্লাজাৰ পৰা কেকেৰ মৃতদেহ লৈ যোৱা হয় ভাৰছোভাৰ মুক্তিধাম শ্মশানলৈ। কেকেৰ অন্ত্যেষ্টিক্রিয়াৰ সময়ত উপস্থিত থাকে সঙ্গীত জগতৰ সতীর্থসকল। চিতাৰ সন্মুখত কোন্দোনত ভাগি পৰে পুত্ৰ নকুল আৰু কন্যা তামাৰা। কেকেৰ মুখাগ্নি কৰে পুত্ৰ নকুলে। পিতৃক অন্তিমবাৰ চোৱাৰ মুহূর্তত কান্দোনত ভাগি পৰে তেওঁ।













