
শ্রীলঙ্কাৰ পিছত এইবাৰ পাকিস্তান। মূল্যবৃদ্ধিয়ে চৰম অৱস্থা পাইছে ভাৰতৰ চুবুৰীয়া দেশখনত। অর্থনীতিৰো অৱনমন ঘটিছে। চম্ভালিবলৈ গৈ নাজল-নাথল অৱস্থা নতুন চৰকাৰৰ। ইয়াৰ মাজতেই পাকিস্তানত মিঠাতেলৰ মূল্যই সর্বকালৰ ৰেকর্ড ভংগ কৰিছে।

দেশখনত একেকোবে লিটাৰে প্রতি তেলৰ মূল্য ২১৩ টকা বৃদ্ধিৰ ঘোষণা কৰিছে শ্বাহবাজ শ্বৰিফৰ চৰকাৰে। বৰ্তমান পাকিস্তান চৰকাৰৰ নির্ধাৰিত খোৱাতেলৰ মূল্য প্রতি লিটাৰত ৬০৫ টকা। মঙ্গলবাৰৰ পৰা তেলৰ মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰা হয়। খোৱাতেলৰ মূল্য ইমানখিনি বৃদ্ধিৰ ঘটনা দেশখনত নজিৰবিহীন। বুধবাৰৰ পৰা কার্যকৰী হোৱাৰ কথা নতুন মূল্য।
কৰাচীৰ ইউটিলিটি ষ্টোৰ্ছ (ইউএছচি) কৰ্পৰেচনে জনাইছে, ঘিউ আৰু খোৱাতেলৰ মূল্য বৃদ্ধিৰ এই জাননী ১ জুনৰ পৰা কার্যকৰী কৰাৰ নির্দেশ দি ইউএছচিয়ে জাননী জাৰি কৰিছে।










