
ৰোলাঁ গেঁৰোত অন্তিমবাৰৰ বাবে খেলিলে ছানিয়া মির্জাই। মিক্সড ডাবলছৰ পৰা পূৰ্বতেই বিদায় লৈছিল। এইবাৰ মহিলাৰ ডাবলছৰ পৰাও বিদায় ল’লে ছানিয়া মির্জাই।
মঙ্গলবাৰে তৃতীয় ৰাউণ্ডত কোকো গফ আৰু জেচিকা পেগুলাৰ হাতত ৪-৬, ৩-৬ ছেটত পৰাস্ত হয় ছানিয়া মির্জা-লুচি ৰাদেকা যুটি। আজি আৰম্ভণিৰ পৰাই পিছ পৰে তেওঁলোকৰ যুটিটো।
এটা সময়ত প্রথম ছেটত ৩-৫ ত পিছ পৰিছিল ছানিয়াৰ যুটি। আপ্রাণ চেষ্টা কৰিও মেচলৈ উভতিব নোৱাৰিলে ইণ্ডো-চেক যুটিটো। দ্বিতীয় ছেটতো আৰম্ভণি ভাল নহ’ল। যুঁজ দিলেও মেচলৈ উভতিব নোৱাৰিলে।
উল্লেখ্য, কেইদিনমান পূৰ্বেই ছানিয়া মির্জাই জনাইছিল, আমেৰিকান অপেনৰ পিছতেই টেনিছক বিদায় জনাব তেওঁ। সেয়ে ক’ব পাৰি টেনিছ জীৱনৰ অন্তিমখন ফৰাচী অপেন খেলিলে ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে।













