![]()
ইউক্রেইনৰ মাৰিউপোল চহৰ মেয়ৰ ভিদিম বয়শেঙ্কোৱে জনাইছে যে ৰুছ সেনাই উক্ত অঞ্চলটিৰ প্ৰায় ১৬ হাজাৰ বাসিন্দাক গণকবৰ দিছে। ষ্টাৰি ক্রিম, মানহাশ আৰু ভিনোৰাদন গাঁৱৰ নিকটৱর্তী এলেকাত এই গণকবৰবোৰ আছে।
মাৰিউপোলৰ মেয়ৰে লগতে জনায়, এপ্রিলৰ মাজমানৰ পৰা এই পর্যন্ত ষ্টাৰি ক্রিম গাঁৱৰ সমাধি ক্ষেত্রত ২৫টা গাঁতৰ সন্ধান পোৱা গৈছে। তেওঁৰ দাবী, কেইবাটাও স্তৰত এই গাঁতবোৰত মৃতদেহবোৰ কবৰ দিয়া হৈছে। ইয়াৰ পিছত সেইবোৰত এজন ব্যক্তিৰ কবৰ হিচাবে দেখুৱাই নামফলক লগোৱা হৈছে।

ভিদিম বয়শেঙ্কোৱে লগতে কয়, ‘আমাৰ হিচাব মতে, মাৰিউপোলত ২২ হাজাৰ লোক নিহত হৈছে। কিন্তু তথ্যই কৈছে পৰিস্থিতি অধিক ভয়ংকৰ।’ মেয়ৰগৰাকীয়ে আৰু দাবী কৰে, এতিয়াও ধ্বংসস্তুপৰ মাজত হাজাৰোধিক মৃতদেহ পৰি আছে।













