![]()
মাত্র ৫৪ বছৰ বয়সত মৃত্যু হয় প্ৰখ্যাত কণ্ঠশিল্পী কে কেৰ। কলকতাত এক অনুষ্ঠান পৰিবেশনৰ পিছত হোটেলত অসুস্থ হৈ পৰে বলিউডৰ বিখ্যাত কণ্ঠশিল্পীজনৰ৷ তাৰ পিছত হস্পিটেললৈ লৈ যোৱা হয় যদিও তাত মৃত ঘোষণা কৰে চিকিৎসকে৷
চিকিৎসকৰ প্ৰাথমিক অনুমান হৃদৰোগত আক্রান্ত হৈ মৃত্যু হৈছে প্ৰখ্যাত শিল্পীজনৰ। অৱশ্যে পোষ্টমৰ্টেমৰ পিছতহে সেয়া নিশ্চিত হ’ব৷কে কেৰ সম্পূৰ্ণ নাম হৈছে কৃষ্ণকুমাৰ কুনাথ। জন্ম এক মালায়ালাম পৰিয়ালত। ডাঙৰ-দীঘল হয় দিল্লীত। পিতৃৰ নাম চি এছ নায়াৰ আৰু মাতৃ কুনাথ কনকাৱলী।

সৰুৰে পৰাই সঙ্গীতৰ পৰিৱেশত ডাঙৰ-দীঘল হৈছে কে কে। পিতৃ-মাতৃ দুয়াগৰাকীয়েই অতি ভাল গান গাইছিল। ককাক আছিল সঙ্গীতৰ প্রশিক্ষক।
পিতৃয়ে তেওঁক শাস্ত্রীয় সঙ্গীতৰ প্রশিক্ষণ ল’বলৈ পঠাইছিল যদিও দুদিনমান গৈয়ে বন্ধ কৰি দিয়ে। তেওঁৰ যুক্তি আছিল, কিশোৰ কুমাৰে যদি প্ৰশিক্ষণ নোলোৱাকৈ গায়ক হ’ব পাৰে তেওঁ কিয় নোৱাৰিব।
দিল্লীৰ মাউণ্ট ছেণ্ট মেৰী স্কুল ততেওঁৰ স্কুলীয়া শিক্ষা আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কিৰোৰী মাল কলেজৰ পৰা স্নাতক কে কে। তাৰ পিছত প্রায় আঠ মাহ বিপণন সহযোগী হিচাবে তেওঁ কাম কৰে৷ কিন্তু তাৰ পিছত চাকৰি এৰি মুম্বাইলৈ গুচি যায়।
১৯৯১ চনত প্রেমিকা জ্যোতিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুই সন্তান। পুত্ৰৰ নাম নকুলকৃষ্ণ কুনাথ আৰু কন্যা তামাৰা কুনাথ।
বলিউডত খোজ দিয়াৰ পূৰ্বে কেকেই ১১টা ভাষাত প্রায় চাৰে তিনি হাজাৰ বিজ্ঞাপনত গান গাইছিল। ১৯৯৯ চনৰ ক্রিকেট বিশ্বকাপত ভাৰতীয় ক্রিকেট দলৰ সমর্থনত ‘জোশ অব ইণ্ডিয়া’ নামৰ গীতটো গাইছিল। গানটোৰ ভিডিঅ’ত ভাৰতীয় ক্রিকেট দলৰ সদস্যসকলো আছিল।
কেকেক ১৯৯৬ চনত তামিল ছবি ‘কদাল দেশম’ৰ ‘কলেজ ষ্টাইল’ গানৰ কথাছবিত গান গোৱাৰ প্রথম সুযোগ দিয়ে এ আৰ ৰহমানে।
ইয়াৰ পিছত ১৯৯৯ চনত ‘হাম দিল দে চুকে চনম’ ছবিৰ বিখ্যাত গান ‘তড়প তড়প কে ইস দিল সে…’ গানৰ জৰিয়তে কেকেই বলিউডত আত্মপ্রকাশ কৰে।

উক্ত বছৰতেই মুক্তি পায় তেওঁৰ বিখ্যাত এলবাম ‘পল’। যাৰ গান ‘হাম, ৰহে ইয়া না ৰহে কাল..’ নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে। তাৰ পিছতে কৃষ্ণকুমাৰ হৈ পৰে কেকে।
হিন্দী আৰু তামিলৰ উপৰি অসমীয়া, তেলুগু, কন্নড়, মালয়ালম, মৰাঠী, বাংলা, আৰু গুজৰাটী ভাষাতো গান গাইছে কেকেই।
২০০৯ চনত ‘খুদা জানে’ গানটিৰ বাবে তেওঁ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটাৰ লাভ কৰে। গানৰ বহুকেইটা ৰিয়েলিটি শ্ব’ত জুৰি সদস্য আৰু অতিথি আছিল তেওঁ।

জীৱিত অৱস্থাত তেওঁ হিন্দী ভাষাত ৫ শতাধিক আৰু অন্যান্য ভাষাত ২ শতাধিক গানত কণ্ঠ নিগৰাইছে।
তেওঁ প্ৰিয় গায়ক হৈছে আমেৰিকাৰ গায়ক-গীতিকাৰ বিলি জোৱেল। ক্রিকেট অতি ভাল পাইছিল৷ প্রিয় অভিনেতা ইৰফান খানৰ উপৰি শ্বাহৰুখ, আমিৰ আৰু অক্ষয় কুমাৰকো ভালপাইছিল।
যিকোনো ধৰণৰ পেষ্ট্ৰি আৰু দক্ষিণ ভাৰতীয় খাদ্যৰ প্ৰতি আকৃষ্ট আছিল কেকে৷ পিন্ধি ভালপাইছিল জিন্স আৰু টি-শ্বার্ট।

তেওঁ কণ্ঠদান কৰা গানবোৰৰ ভিতৰত ‘খুদা জানে’, ‘আলবিদা’, ‘অ’ মেৰি জান’, ‘কোই কহে কহতা ৰহে’, ‘সচ কহে ৰহা হ্যায় দিৱানা’, ‘তু হি মেৰা সব হ্যায়’, ‘দিল ইবাদত’ আদি অতি জনপ্ৰিয়।










