![]()
পশ্চিমবংগত সাধাৰণতে ৰবীন্দ্র সদনতেই প্রয়াত শিল্পীসকলক শ্রদ্ধা জনোৱা হয়৷ সেয়ে প্রয়াত গায়ক কেকেৰ মৃতদেহো এছএছকেএমৰ পৰা ৰবীন্দ্র সদনলৈ নিয়া হ’ব বুলি ঘোষণা মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ।
বুধবাৰে দুপৰীয়া বাঁকুড়াৰ পৰা কলকাতালৈ উভতি আহি দমদম বিমানবন্দৰত মমতাই জনায়, তেওঁ এই প্ৰসংগত ইতিমধ্যে কণ্ঠশিল্পীজনৰ পৰিয়ালৰ সৈতে আলোচনা কৰিছে। তেওঁলোক মুম্বাইলৈ উভতাৰ বিমানৰ সময় চায়েই শিল্পীগৰাকীৰ মৃতদেহ ৰবীন্দ্র সদনলৈ অনাৰ সিদ্ধান্ত লোৱা হয়। মমতাই লগতে জনাইছে ৰবীন্দ্ৰ সদনতেই ‘গান চেলুট’ দি শ্রদ্ধা জ্ঞাপন কৰা হ’ব মুম্বাইৰ নেপথ্য কণ্ঠশিল্পীজনক।

উল্লেখ্য, কে কেক মুম্বাইলৈ উভতাই নিয়াৰ বিমানৰ সময় বিয়লি ৫.১৫ বজাত। তাৰ আগতেই শ্রদ্ধা জ্ঞাপনৰ প্রক্রিয়া শেষ কৰা হ’ব।
উল্লেখ্য, কেকেৰ পোষ্টমৰ্টেম হৈছে এছএছকেএম হস্পিটেলত।













