
জনপ্রিয় পাঞ্জাবী গায়ক আৰু কংগ্রেছ নেতা সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। তদন্তৰ বাবে ইতিমধ্যেই ছিট গঠন কৰা হৈছে। সিদ্ধুৰ হত্যাকাণ্ডৰ ঠিক আগমুহূর্তৰ এটি চিচিটিভি ফুটেজ তদন্তকাৰীসকলৰ হাতত আহি পৰিছে। উক্ত ফুটেজ লৈয়েই তদন্ত চলাইছে তেওঁলোকে।
আৰক্ষী সূত্রৰ খবৰ, সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে কানাডাৰ এক কুখ্যাত গেংষ্টাৰ গোল্ডি ব্রাৰে। গোল্ডিয়ে নিজেই জনাইছে, বিষ্ণোই গেঙৰ সদস্য তেওঁ। দলৰ আন এক সদস্যই এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে। গেংৱাৰৰ কাৰণেই সিদ্ধুক হত্যা কৰা হৈছে বুলি জনাইছে। ইফালে সিদ্ধু হত্যাকাণ্ডৰ পিছত এই পর্যন্ত ৬ জনক আটক কৰি সোধাপোছা আৰম্ভ কৰিছে আৰক্ষীয়ে।

নিৰাপত্তা প্রত্যাহাৰৰ পিছদিনাই সিদ্ধুৰ হত্যাৰ ঘটনাত প্রশ্ন তুলিছে সঙ্গীত জগতৰ বহু শিল্পীয়ে। গায়ক মিকা সিঙে জনাইছে, বহু দিন ধৰি দুষ্কৃতিকাৰীয়ে সিদ্ধুক ভাবুকি দি আহিছিল। ইফালে তদন্তকাৰীসকলে জনাইছে, নিৰাপত্তা প্রত্যাহাৰ কৰা হ’লেও সিদ্ধুৰ ওচৰত বুলেটপ্রুফ গাড়ী আৰু নিৰাপত্তাৰক্ষী আছিল।
দেওবাৰে কিয় নিৰাপত্তাৰক্ষীক তেওঁৰ সৈতে যাবলৈ বাৰণ কৰিছিল সিদ্ধুই? তাৰ উপৰি সিদিনা বুলেটপ্রুফ গাড়ী অবিহনেই অকলে ওলাইছিল তেওঁ। সকলোখিনি পৰীক্ষা কৰি চাইছে তদন্তকাৰীয়ে।













