ASSAM TIMES POST
নগাঁওঃ ৰাজ্যৰ কেতবোৰ স্হানৰ লগতে নগাঁৱতো অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় । নিশা হ’লেই ট্ৰাকে ট্ৰাকে সৰবৰাহকাৰীয়ে চোৰাং ভাৱে সৰবৰাহ কৰি আহিছে শ-শ গৰু। অবৈধ ভাৱে সৰবৰাহ কৰা দুখনকৈ গৰু ভৰ্তি ট্ৰাক আজি পুৱা নগাঁৱৰ বেবেজীয়াত স্হানীয় লোকে জব্দ কৰে।
এএছ ০১জিচি২৪৮৭ আৰু এম এল ০৫ আৰ ৩৮১৪ নম্বৰৰৰ ট্ৰাক দুখনত চোৰাং ব্যৱসায়ীয়ে ৪৮ টাকৈ গৰু সৰবৰাহ কৰি আনিছিল । জানিব পৰা মতে , আজি পুৱা নগাঁও দিশৰ পৰা চিলং অভিমুখে গৈ থকা অৱস্থাত বেবেজীয়াত জিলা পৰিবহণ বিভাগৰ এটা দলে ট্ৰাক দুখনৰ নথি পত্ৰ চাই পৰীক্ষা নিৰীক্ষাৰ বাবে নথি সমূহ লৈ যায় ।
ইয়াৰ পিছতই নিজ ডিমৌৰ চাৰিলেন যুক্ত পথৰ কাষত ট্ৰাক দুখন ৰখাই চালক হেণ্ডিমেনে পলায়ন কৰে । পিছত পুৱা প্ৰাত: ভ্ৰমনৰ বাবে অহা একাংশ স্থানীয় লোকে গাড়ী দুখন প্ৰত্যক্ষ কৰে। স্হানীয় লোকে গাড়ী দুখনৰ কাষ চাপি যোৱাত গাড়ীদুখনত দুজন যুৱকৰ লগতে ভৰ্তি হৈ থকা গৰু সমূহ দেখা পায়।
স্থানীয় লোকে ততাতৈয়াকৈ বেবেজীয়া আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গৰু ভৰ্তি ট্ৰাক দুখন জব্দ কৰাৰ লগতে ট্ৰাক দুখনত থকা যুৱক দুজনক আটক কৰে । স্থানীয় লোকৰ মতে চোৰাং ব্যৱসায়ীয়ে ট্ৰাক দুখনত গৰু সমূহ সৰবৰাহ কৰি আনে। অৱশ্যে বৰ্তমানলৈকে এই কথা নিশ্চিত হোৱা নাই । আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ।ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।












