![]()
ড্ৰাগছ গোচৰৰ যাৱতীয় অভিযোগৰ পৰা মুক্ত হ’ল শ্বাহৰুখ পুত্র আৰিয়ান খান।
আজি চার্জশ্বিটত নাৰকোটিক্স কন্ট্রোল ব্যুৰোৰ (এনচিবি) বিষয়াসকলে জনাইছে, ক্রুজ পার্টিত আৰিয়ানৰ ওচৰত কোনো ড্ৰাগছ পোৱা হোৱা নাই। তেওঁৰ লগতে আন পাঁচজনক দোষী সাব্যস্ত কৰাৰ বাবে যথেষ্ট প্রমাণ পোৱা যোৱা নাই। অন্য ১৪ জনক দোষী সাব্যস্ত কৰিছে এনচিবিয়ে।

আজিৰ ৰায়ত স্বস্তিত আৰিয়ান আৰু বলিউড বাদশাহ শ্বাহৰুখ খান। এই কথা জনাইছে তেওঁলোকৰ অধিবক্তা মুকুল ৰোহতগিয়ে। তেঁৱেই আৰিয়ানৰ জামিনৰ ব্যৱস্থা কৰিছিল। তেওঁ কয়, ‘অৱশেষত সত্যৰ জয় হ’ল। এনে একোৱেই নাছিল যাতে কিশোৰগৰাকীক দোষী সাব্যস্ত কৰিব পৰা যায় বা গ্রেপ্তাৰ কৰিব পৰা যায়। তেওঁৰ ওচৰত কোনো ড্ৰাগছ পোৱা যোৱা নাই। মই সুখী যে নিজৰ ভুল স্বীকাৰ কৰিবলৈ পেছাদাৰিত্বৰে কাম কৰিছে এনচিবিয়ে।’













