নতুন দিল্লীঃ পাক-অধিকৃত কাশ্মীৰত দেওবাৰে ভাৰতীয় সেনাৰ আক্ৰমণৰ কথা স্বীকাৰ কৰিছে পাকিস্তানী সেনাই। ইয়াত তেওঁলোকৰ এজন সেনা আৰু তিনি নাগৰিক নিহত হোৱাৰ কথা সদৰী কৰি পাকিস্তানী সেনাৰ মুখ্য মুখপাত্ৰ মেজৰ জেনেৰেল আছিফ গফুৰে এলানি টুইটত কয় যে পিঅ’কেৰ নাগৰিকক লক্ষ্য কৰি ভাৰতীয় সেনাই জুৰা, শ্বাহকোট আৰু নাউছেৰী ছেক্টৰত আক্ৰমণ সংঘটিত কৰিছিল। ইয়াৰ সদম্ভ প্ৰত্যুত্তৰ প্ৰদান কৰা হয় বুলি তেওঁ উল্লেখ কৰি আৰু কয় যে ইয়াত ৯ ভাৰতীয় জোৱানৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন আহত হয়। ২ টা ভাৰতীয় বাংকাৰো ধ্বংস হয়। এই প্ৰতি আক্ৰমণত ২ পাকিস্তানী সেনা আৰু ৫ নাগৰিকো আহত হয়। ইফালে মুখ্য মুখপাত্ৰজনে কোৱা ধৰণে ভাৰতীয় সেনা শ্বহীদ হোৱা নাই বুলি মত প্ৰকাশ কৰিছে ভাৰতীয় সেনাই।













