![]()
২০২৪ লোকসভা নির্বাচনৰ পূৰ্বে ৮ সদস্যৰ ৰাজনীতি বিষয়ক দল আৰু টাস্ক ফৰ্চ গঠন কংগ্রেছৰ। এই কথা ঘোষণা কৰিলে দলৰ অন্তর্বর্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে। দলত সংস্কাৰ বিচৰা জি-২৩ সদস্যসকলো এই কাৰ্যসূচীৰ অংশ হ’ব বুলি জনোৱা হৈছে।
ইয়াৰ উপৰি, ‘ভাৰত জোড়ো যাত্রা’ৰ বাবে এক কেন্দ্রীয় পৰিকল্পনা দল গঠন কৰা হ’ব। ৰাজনৈতিক বিষয়ৰ দায়িত্বত থকা দলৰ সদস্যসকল হৈছে ৰাহুল গান্ধী, মল্লিকার্জুন খাড়গে, অম্বিকা সোনি, দিগ্বিজয় সিং, কেচি বেণুগোপাল, জিতেন্দ্র সিং, জি-২৩ৰ নেতা গুলাম নবী আজাদ আৰু আনন্দ শর্মা। টাস্ক ফৰ্চ গঠন হৈছে আঠ সদস্যৰেই।

তেওঁলোক হৈছে পি চিদম্বৰম, মুকুল ৱাছনিক, জয়ৰাম ৰমেশ, কেচি বেণুগোপাল, অজয় মাকেন, প্রিয়ঙ্কা গান্ধী, ৰণদীপ সূৰযেৱালা আৰু সুনীল কানুগোলু। সংগঠন, যোগাযোগ, মিডিয়া, আউটৰিচ, বিত্ত আৰু নির্বাচনী ব্যৱস্থাপনাৰ দৰে বিষয়ত একো একোজনক এক এক প্ৰকাৰৰ দায়িত্ব দিয়া হ’ব। প্রত্যেক সদস্যৰ বাবে মনোনীত দল গঠন হ’ব।












