![]()
অষ্ট্ৰেলিয়াৰ নতুন প্রধানমন্ত্রী হিচাবে শপত ল’লে এণ্টনি এলবানিজে। টকিঅ’ত কোৱাড আন্তর্জাতিক শীর্ষ সন্মিলনত যোগ দিয়াৰ কেইঘণ্টামান পূৰ্বে তেওঁ এই দায়িত্ব গ্রহণ কৰে।
বিবিচি সূত্ৰ মতে, সোমবাৰে ৫৯ বছৰীয়া নতুন প্রধানমন্ত্রীগৰাকীয়ে কেনবেৰাৰ গভর্নমেন্ট হাউছত এটি সংক্ষিপ্ত অনুষ্ঠানত শপত গ্রহণ কৰে। শনিবাৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় নির্বাচনত স্কট মৰিছনৰ ৰক্ষণশীল চৰকাৰক পৰাস্ত কৰি বিজয়ী হয় লেবাৰ পার্টিৰ নেতা এণ্টনি এলবানিজ।

এলবানিজে জনায়, অষ্ট্ৰেলিয়া জলবায়ু পৰিবর্তনৰ বিষয়ত বিশ্বৰ সৈতে জড়িত হ’বলৈ ইচ্ছুক। সেই লক্ষ্যতে আজি টকিঅ’ৰ উদ্দেশ্যে যাত্রা কৰি কোৱাড দেশ মার্কিন যুক্তৰাষ্ট্র, ভাৰত আৰু জাপানৰ নেতাসকলক সাক্ষাৎ কৰিব।













