![]()
‘সীতা মা’ৰ কাণ্ডত অবাক ৰামভক্তসকল! টিভিৰ পর্দাত তেওঁৰ গোৰোহালৈকে ঢকা শাৰী আৰু মুখ ঢকা ওৰণিৰেই তেওঁক দেখাত অভ্যস্ত ভক্তসকল। কিন্তু মোবাইলৰ পর্দাত উক্ত ‘সীতা’ হঠাৎ তেওঁলোকৰ সন্মুখত আৱিৰ্ভাৱ হৈছে সৰু ‘স্কুল গার্ল’ৰ পোছাকত! তাৰ ফলতেই ‘গ’ল গ’ল’ কলৰৱ ভক্ত সমাজৰ মাজত। ছচিয়েল মিডিয়াত ধুমুহা বলিছে মন্তব্যৰ। ভক্তসকলৰ গতি-মতি দেখি অৱশেষথ ফটোখন আঁতৰাবলৈ বাধ্য বাধ্য হয় সৰু পর্দাৰ ৰামায়ণৰ ‘সীতা’ দীপিকা চিখলিয়া।
৬০ বছৰৰ দুৱাৰদলিত উপনীত হৈছে অভিনেত্রীগৰাকী। যোৱা ২৯ এপ্রিলত ৫৮ বছৰত ভৰি দিছে। যিখন ফটোক কেন্দ্ৰ কৰি বিতর্ক, সেইখনো আকৌ কোনো এক জন্মদিনৰ অনুষ্ঠানৰ। অৱশ্যে অভিনেত্রীগৰাকীৰ নিজৰ জন্মদিনৰ নেকি সেয়া জানিব পৰাৰ উপায় আৰু নাই। কাৰণ ফটোখন আৰু দেখা যোৱা নাই দীপিকাৰ ইনষ্টাগ্ৰামত। কিন্তু ফটোখনৰ স্ক্রিন শ্বট ইতিমধ্যেই ভাইৰেল হৈছে।
বিতর্কিত ফটোখনত কেমেৰাৰ সন্মুখত হাঁহিমুখে থিয় দি আছে অভিনেত্রীগৰাকী। পিন্ধনত বগা শ্বার্ট, ৰংচঙীয়া টাই আৰু আঁঠুৰ ওপৰত উঠা স্কার্ট। ভৰিত স্কুলৰ ছাত্ৰীৰ দৰেই বগা জোতা। বান্ধৱীৰ সৈতে ৱাইনৰ গিলাচ হাতত লৈ গুলপীয়া নিচাত দেখা গৈছে ‘সীতা’ক।
কিন্তু উক্ত পোছাকত দীপিকাক যেনে ধৰণেই নালাগক কিয়, ভক্তসকল কিন্তু সেইটো ভাবিবলৈ নাৰাজ। তেওঁলোকৰ মুখত এতিয়া ‘অ’ মা! ছি-ছি, ৰামো-ৰামো’! প্রশ্ন তুলিছে, ‘দেৱীতুল্য সীতা’ৰ পোছাক নিৰ্বাচন সন্দৰ্ভতো। আহিছে এটাৰ পিছত আনটো মন্তব্য। কোনোবাই লিখিছে ‘সীতা মাৰ এয়া কেনে ৰূপ!’, কাৰোবাৰ আকৌ প্রশ্ন, ‘মানুহে আপোনাক দেৱী বুলি ভাবে আৰু আপুনি এইবোৰ কৰিছে!’
পিছে অনুৰাগীসকলৰ এই প্ৰতিক্ৰিয়াই দেখিয়েই অৱশেষত ছবিখন আঁতৰাবলৈ বাধ্য হয় দীপিকা।













