ASSAM TIMES POST
ডিফু: অহা ৫ নৱেম্বৰত কাৰবি লোক সংস্কৃতিৰ সাধক, বিশিষ্ট সাহিত্যিক লংছে তিমুঙলৈ আগবঢ়োৱা হৈছে ২০১৯ বৰ্ষৰ ড: ভূপেন হাজৰিকা সংহতি বঁটা ৷ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু ড: ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি গোলাঘাটৰ উদ্যোগত ২০১৩ চনৰ পৰা সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ স্মৃতিত ভাষা, সাহিত়্য সংস্কৃতিৰ লগতে জাতি জনগোষ্টীৰ সমন্বয়ৰ হকে কাম কৰি অহা একোজন ব্যক্তিলৈ এই বঁটা আগবঢ়াই আহিছে ৷
অহা ইং ৫ নৱেম্বৰ তাৰিখে গোলাঘাট নগৰত সদৌ গোলাঘাট ছাত্ৰ সন্থা আৰু ড: ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি গোলাঘাটে আয়োজন কৰা ড: ভূপেন হাজৰিকা স্মৃতি দিৱসত লুঙছে তিমুঙলৈ ড:ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান কৰা হব ৷
এক প্ৰেছ বিবৃতিৰ জৰিয়তে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক দ্বয় ক্ৰমে, নিৰঞ্জন সোণোৱাল, প্ৰিন্স দলে, ড: ভূপেন হাজৰিকা স্মৃতি ৰক্ষা গোলাঘাটৰ সমিতিৰ সভাপতি, সম্পাদকদ্বয় ক্ৰমে, দ্বিপেন দত্ত আৰু ৰোহিত গগৈয়ে এই কথা জানিবলৈ দিছে ৷ ড: ভূপেন হাজৰিকা স্মৃতি দিৱসৰ আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে ৷অনুষ্ঠানটি সফল কৰি তুলিবলৈ আয়োজক সকলে সদৌটিলৈ আহ্বান জনাইছে ৷
ডিফু













