উৎপল দাস, গোলাঘাটঃ ইউকেত অনুষ্ঠিত হ’বলগীয়া এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ আমন্ত্ৰণ লাভ কৰিবলৈ সক্ষম হৈছে এজন অসমীয়া চাহ উদ্যোগপতি। গোলাঘাট জিলাৰ ৰঙাজানৰ সমীপৰ ঢুলীয়া গাঁওস্থিত সঞ্জীৱ টি ইণ্ডাষ্ট্ৰিজৰ পৰিচালন সঞ্চালক বিশিষ্ট চাহ উদ্যোগপতি তথা সমাজকৰ্মী সঞ্জীৱ গগৈক অহা ১৭ ডিচেম্বৰত যুক্তৰাষ্ট্ৰৰ অক্সফ’ৰ্ড টাউন হলত অনুষ্ঠিত হবলগীয়া ‘ছামিট অৱ লিডাৰছ্’ শীৰ্ষক এখনি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে৷ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫৪ দেশৰ বিভিন্ন কোম্পানীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনত অসমৰ এইজন চাহ উদ্যোগপতিয়ে ‘অক্সফ’ৰ্ড ডিবেট’ শীৰ্ষক এক বক্তৃতা অনুষ্ঠানত ভাষণ প্ৰদান কৰিব। মূলতঃ সমাজ জীৱনত ব্যৱসায়ীসকলে গ্ৰহণ কৰিব পৰা ভূমিকা, ব্যৱসায় উন্নীতকৰণত বিভিন্ন নিত্য নতুন কৌশল কিদৰে প্ৰয়োগ কৰিব পাৰি, মেনেজমেন্ট বা পৰিচালনাৰ দক্ষতা বিকাশ আদি বিষয়বস্তুৰ ওপৰত অনুষ্ঠিত হ’বলগীয়া বক্তৃতা অনুষ্ঠানত সঞ্জীৱ গগৈয়ে নিজৰ বক্তব্য দাঙি ধৰিব। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে আঞ্চলিক স্তৰত অতি কম সময়ৰ ভিতৰতে ব্যৱসায়িক সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা সঞ্জীৱ টি ইণ্ডাষ্ট্ৰিজক ‘বেষ্ট ৰিজিঅ’নেল এন্টাৰপ্ৰাইজ’ বঁটা আৰু পৰিচালন সঞ্চালক সঞ্জীৱ গগৈক ‘মেনেজাৰ অৱ দ্য ইয়েৰ’ বঁটা প্ৰদান কৰা হ’ব বুলি ‘ছামিট অৱ লিডাৰছ্’ৰ সমন্বয়ক এনা জ’নছে সঞ্জীৱ গগৈলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে।












