ইস্তফা দিলে দিল্লীৰ লেফটেনেন্ট গৱর্নৰ অনিল বৈজলে। বুধবাৰে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দলৈ লিখা পদত্যাগ-পত্রত বৈজলে ‘ব্যক্তিগত কাৰণ’ত পদত্যাগৰ কথা জনাইছে।
২০১৬ চনৰ ডিচেম্বৰত তদানীন্তন লেফটেনেন্ট গৱর্নৰ নাজিব জঙে ইস্তফা দিয়াত বৈজলক দিল্লীৰ লেফটেনেন্ট গৱর্নৰ পদত নিয়োগৰ সিদ্ধান্ত লৈছিল নৰেন্দ্র মোদী চৰকাৰে। ১৯৬৯ বেটচৰ আইএএছ বিষয়া বৈজল অটলবিহাৰী বাজপেয়ী চৰকাৰৰ দিনত কেন্দ্রীয় গৃহ সচিব পদত আছিল।
দিল্লীৰ লেফটেনেন্ট গৱর্নৰ পদত বিগত পাঁচ বছৰত একাধিকবাৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ সৈতে সংঘাতত জড়িত হৈছে বৈজল। দিল্লী চৰকাৰৰ বিষয়াসকলৰ বদলিৰ পৰা ফাইল বন্ধ কৰি ৰখাৰ দৰে বিভিন্ন অভিযোগ তুলি বৈজলৰ চৰকাৰী বাংলোৰ সন্মুখত ধর্নাতো বহিছিল মুখ্যমন্ত্রী কেজৰিৱাল।