হত্যা কৰিবলৈ আহিছিল পত্নীক! তেওঁক বচাবলৈ আহে শাহুআই। খঙত তেওঁকেই ঘপিয়াই হত্যা কৰিলে জোঁৱায়েকে। হত্যাকাৰী আকৌ প্রাক্তন জোঁৱাই। কেইমাহমান পূৰ্বে বিবাহ বিচ্ছেদ হৈছিল। তাৰে প্ৰকিশোধ ল’বলৈয়েই শাহুআইক হত্যা। এয়াই অভিযোগ। ঘটনাটো পশ্চিমবংগৰ নানুৰ থানাৰ মাড্ডা গাঁৱৰ।
মৃতকৰ নাম মোজিফা বিবি। বয়স ৫৫। তেওঁৰে জীয়ৰীৰ সৈতে বিয়া হৈছিল বীৰভূমৰ ময়ূৰেশ্বৰৰ কাচেম শ্বেখৰ। জানিব পৰা মতে, বিয়াৰ পিছৰ পৰাই অশান্তি আৰম্ভ হৈছিল স্বামী–স্ত্রীৰ। প্রায় প্ৰতিদিনেই সুৰাসক্ত হৈ আহি পত্নীক মাৰধৰ কৰিছিল কাচেমে। তিনি মাহ পূৰ্বে কাচেমৰ সৈতে বিচ্ছেদ হয় ৰুবিৰ।
তাৰ পিছৰ পৰাই মাতৃৰ লগত আছিল ৰুবি। মঙ্গলবাৰে নিশা খঙত অগ্নিশৰ্মা হয় কাচেম। চোকা অস্ত্র লৈ প্রাক্তন পত্নীৰ ওপৰত খড়্গগস্ত হয় কাচেম। বাধা দিয়ে মাতৃ মোজিফাই। তেতিয়াই তেওঁক ঘপিয়াবলৈ ধৰে কাচেমে। ঘটনাস্থলীতেই মৃত্যু হয় মোজিফাৰ। ইতিমধ্যে থানাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছে। কাচেমৰ সন্ধানত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। বৰ্তমান পলাতক।