![]()
দুখন বাছৰ মুখামুখী সংঘর্ষত আহত হয় ৩০ যাত্রী। তেওঁলোকৰ মাজত তিনিজনৰ অৱস্থা গুৰুতৰ। মঙ্গলবাৰে সন্ধ্যা ঘটনাটি ঘটে তামিলনাডুৰ চালেমত। উক্ত দুর্ঘটনাটোৰ ভিডিও ধৰা পৰিছে দুর্ঘটনাগ্রস্ত এখন বাছত লগোৱা চিচি টিভি কেমেৰাত। গাৰ নোম শিয়ৰি উঠাৰ দৰে উক্ত ভিডিওটি এতিয়া ভাইৰেল।
ভিডিওটিত দেখা গৈছে, বাছখনত গান চলি আছিল। দ্রুত গতিৰে আগবাঢ়িছিল বাছখন। হঠাৎই প্রবল জোৰত এটা কঁপনি। ষ্টিয়াৰিঙৰ পৰা ছিটিকি পৰে চালক। তেওঁৰ মূৰ ফাটি যায়। বহুকেইজন যাত্রীও ইফালে-সিফালে ছিটিকি পৰা দেখা যায়।
আৰক্ষী সূত্র মতে, মঙ্গলবাৰে সন্ধ্যা এখন বেচৰকাৰী বাছে ৩০ জন যাত্রী লৈ এডাপ্পাড়িৰ পৰা আহি আছিল। তেতিয়াই ওলোটা দিশৰ পৰা আহি আছিল আন এখন বেচৰকাৰী বাছ। এখন বাছে নিয়ন্ত্রণ হেৰুৱাই আনখনক মুখামুখীকৈ খুন্দা মাৰে। উক্ত ঘটনাত দুয়োখন বাছৰে মুঠ ৩০ জন যাত্রী আহত হয়।













