ASSAM TIMES POST
ডিব্ৰুগড়:অসমৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ সমুহ ইটোৰ পিছত সিটোকৈ বিক্ৰীৰ জৰিয়তে বিজেপিয়ে অসম প্ৰেমৰ নিৰ্দষণ দেখুৱাই দিছে।বিভিন্ন সময়ত অসমবাসীৰ তীব্ৰ প্ৰতিবাদকো নেউচী এসময়ৰ জাতীয় সত্বাৰ পৰিচয় দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৰ্তমান গ্ৰহণ কৰা প্ৰদক্ষেপক কেতিয়াও ইতিহাসে ক্ষমা নকৰে বুলি কঠোৰ ভাষাৰে সকীয়াই দিছে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক দ্বীপজ্যোতি দুৱৰাই।
এক প্ৰেছ বিবৃতিৰ জৰিয়তে জনগোষ্ঠীয় নেতা জনে কয় যে,দেশৰ সৰ্বত্ৰে বিকাশৰ সপোন দেখুওৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে একাংশ ৰাজহুৱা খণ্ডৰ উদ্যোগক বিক্ৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে অসম আৰু অসমীয়াৰ আবেগ বিজয়ীত,ঐতিহাসিক অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ কেচা তেজৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা লাভজনক তৈল উদ্যোগ এন আৰ এল বিক্ৰী কৰাৰ গভীৰ ষড়যন্ত্ৰ কৰিছে।
আনহাতে এই ক্ষেত্ৰত এসময়ৰ জাতীয় নায়ক জনৰ অতি নীৰৱ ভুমিকাই তেওঁৰ অসম প্ৰেমৰ নিৰ্দশনক স্পষ্ট কৰি দিছে।অসমৰ স্বাৰ্থৰ বিপৰীতে গৈ মাত্ৰ গাদী ৰক্ষাৰ স্বাৰ্থত ২৪ঘণ্টাই আৰ এছ এছ আৰু মোডীৰ শৰণাপন্ন হৈ থকা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰে ৰাজ্য চৰকাৰে এনে সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হব বুলি সকীয়াই দিয়ে।নুমলীগড় তেল শোধনাগাৰৰ মূল অংশীদাৰ বিপিচিএলক ব্যক্তিগত কৰণ কৰি নুমলিগড় শোধনাগাৰটো কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত কৰণ কৰিবলৈ লোৱা প্ৰচেষ্টাৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা লগতে টাই আহোম যুৱ পৰিষদে অহা ২২অক্টোবৰ পৰা ৰাজ্য জুৰি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা বুলি উল্লেখ কৰে।













