বিশ্ব প্ৰদূষণ মানচিত্রত এইবাৰ শীর্ষস্থান লাভ ভাৰতৰ! দেশত প্ৰদূষণজনিত কাৰণত বছৰি মৃত্যু হয় প্ৰায় ২৪ লাখ লোকৰ! এই তালিকাত দ্বিতীয় স্থানত থকা চীনত বছৰি মৃত্যু হয় ২২ লাখ লোকৰ৷ প্ৰদূষণ সংক্রান্তীয় এটি আন্তর্জাতিক সমীক্ষাৰ প্ৰতিবেদনত এই কথা প্ৰকাশ৷
‘দ্য লেনছেট প্লেনেটাৰী হেল্থ জাৰ্নেল’ত প্রকাশিত প্ৰদূষণ সংক্রান্তীয় সমীক্ষা ৰিপোৰ্ট অনুযায়ী, বিশ্বত প্রতি বছৰে প্ৰদূষণজনিত কাৰণত প্ৰায় ৯০ লাখ লোকৰ মৃত্যু হয়। এই তালিকাত আমেৰিকাৰ স্থান হৈছে সপ্তম। দেশখনত বছৰি ১ লাখ ১২ হাজাৰৰো অধিক লোকৰ প্ৰদূষণত মৃত্যু হয়।
২০০০ চনৰ পৰা পৰৱর্তী দুটা দশকত প্ৰদূষণত মৃত্যুৰ সংখ্যা ৫৫ শতাংশৰো অধিক বৃদ্ধি হোৱা বুলিও জনাইছে উক্ত সমীক্ষাটোৱে।
উল্লেখ্য, ২০১৮ চনত এটি আন্তর্জাতিক সমীক্ষাত বিশ্বৰ ১৮০খন দেশৰ ভিতৰত প্ৰদূষণ তালিকাত ১৭৭ নম্বৰতআছিল ভাৰত। তাৰ পিছত ‘ষ্টেট অব গ্লোবেল এয়াৰ ২০১৯’ৰ ৰিপোৰ্ট মতে, বায়ু প্ৰদূষণৰ ফলত ভাৰতত প্রতি বছৰে ১২ লাখ লোকৰ মৃত্যু হৈছিল।