কুতুবুদ্দিন আইবাকে নহয়, সূর্যৰ অৱস্থান চাবলৈ পঞ্চম শতিকাত কুতুব মিনাৰ নিৰ্মাণ কৰিছিল ৰজা বিক্রমাদিত্যই। এই বিস্ফোৰক দাবী ভাৰতীয় নৃতত্ত্ব সমীক্ষা বিভাগৰ (এএছআই) প্রাক্তন আঞ্চলিক বিষয়া ধর্মবীৰ শর্মাৰ।
তেওঁ কয়, “এইটো কুতুব মিনাৰ নহয়। সূর্যৰ অৱস্থান পর্যবেক্ষণকাৰী মিনাৰ। পঞ্চম শতিকীত ৰজা বিক্রমাদিত্যই এই মিনাৰ নিৰ্মাণ কৰিছিল। মোৰ ওচৰত এই বিষয়ত বহু প্রমাণ আছে।” এএছআইৰ হৈ বহুবাৰ কুতুব মিনাৰৰ সমীক্ষা কৰা বুলিও দাবী ধর্মবীৰৰ।
এএছআইৰ উক্ত বিষয়াজনে লগতে দাবী কৰে, সূর্যৰ উত্তৰায়ণ আৰু দক্ষিণায়ণৰ মধ্যৱর্তী সময় অর্থাৎ ২১ জুনত সূর্যৰ অৱস্থান পর্যবেক্ষণৰ বাবে এই মিনাৰটি নিৰ্মাণ কৰা হয়। এই মিনাৰটি ২৫ ইঞ্চি হেলনীয়া। সূর্যৰ পোহৰত যাতে মিনাৰৰ কোনো ছাঁ নপৰে তাৰবাবেই বৈজ্ঞানিক পদ্ধতিত নিৰ্মাণ কৰা হৈছিল এই মিনাৰটি।
তেওঁৰ লগতে দাবী, কুতুব মিনাৰ এটি স্বয়ংসম্পূর্ণ স্থাপত্য। ইয়াৰ ওচৰত থকা মছজিদৰ সৈতে এই মিনাৰৰ কোনো সম্পর্ক নাই। আনকি কুতুব মিনাৰৰ দৰ্জাও উত্তৰমুখী। ধ্রুবতৰা চাবলৈয়েই মিনাৰৰ দুৱাৰ উত্তৰমুখী কৰা হৈছে।
উল্লেখ্য, যোৱা বছৰ অভিযোগ উঠিছিল, ২৭টা হিন্দু আৰু জৈন মন্দিৰ আংশিকভাবে ভাঙি নিজৰ নামাঙ্কিত মিনাৰ বনাইছিল কুতুবুদ্দিন আইবাকে! মিনাৰ চৌহদত হিন্দু আৰু জৈন মন্দিৰ পুনর্নির্মাণৰ দাবীত দিল্লীৰ আদালতত তিনিটা গোচৰ ৰুজু হৈছিল।