আইপিএলত নতুন ৰেকর্ড উমৰান মালিকৰ। কনিষ্ঠতম ভাৰতীয় বলাৰ হিচাবে এখন আইপিএলত ২০ বা ততোধিক উইকেট দখল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পেচাৰ উমৰানৰ। ইয়াৰ পূৰ্বে এই ৰেকর্ড আছিল মুম্বাই ইণ্ডিয়ানছৰ বলাৰ যশপ্রীত বুমৰাহৰ দখলত।
মাত্ৰ ২২ বছৰ ১৭৬ দিন বয়সত এই ৰেকর্ড গঢ়ে জম্মু-কাশ্মীৰৰ বলাৰজনে। বুমৰাহে ২০১৭ চনৰ আইপিএলত ২০টাৰ অধিক উইকেট লৈছিল ২৩ বছৰ ১৬৫ দিন বয়সত। আৰপি সিঙে ২০০৯ চনৰ আইপিএলত এই কীর্তিত্ব অৰ্জন কৰিছিল। তেতিয়া তেওঁৰ বয়স আছিল ২৩ বছৰ ১৬৬ দিন। প্রজ্ঞান ওজাই ২০১০ চনৰ আইপিএলত ২৩ বছৰ ২২৫ দিন বয়সত ২০টাৰ অধিক উইকেট লাভ কৰিছিল।
ৱাংখেড়ে ষ্টেডিয়ামত মুম্বাইৰ বিৰুদ্ধে এই ৰেকর্ড কৰে উমৰানে। ৰোহিত বাহিনীৰ বিৰুদ্ধে ৩ অ’ভাৰত ২৩ ৰান দি ৩টা উইকেট দখল কৰে উমৰানে। তাৰ লগতে তেওঁৰ উইকেটৰ সংখ্যা বৃদ্ধি হয় ২১লৈ। প্রথম অ’ভাৰত অৱশ্যে ভাল বলিং কৰিব নোৱাৰিলেও তাৰ পিছত দুৰ্দান্তভাৱে ছন্দলৈ উভতে তেওঁ। পৰৱৰ্তী দুই অ’ভাৰত উমৰানৰ গতিৰ সন্মুখত টিকি থাকিব নোৱাৰে মুম্বাইৰ বেটছমেনসকল। ঈশান কিষণ, ডেনিয়েল ছেমছ আৰু তিলক বর্মাক আউট কৰে তেওঁ। ১৩ মেচত ২১ উইকেট লৈ বেঙুনীয়া টুপীৰ দৌৰত চাৰি নম্বৰত আছে উমৰান।