ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ ৪ বিধান সভা সমষ্টি ক্ৰমে সোণাৰি, ৰঙাপৰা, জনিয়া আৰু ৰাতাবাৰীৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান শনিবাৰে বিয়লি ৪ বজাৰ লগে লগে অন্ত পৰিব। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰপৰা লাভ কৰা তথ্য অনুসৰি এই ৪ টা সমষ্টিত মুঠ ২০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।
সেই অনুসৰি সোণাৰি সমষ্টিৰ ২ প্ৰাৰ্থী হ’ল ভাৰতীয় জনতা পাৰ্টিৰ নৱনীতা সন্দিকৈ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সুশীল কুমাৰ চুৰী। ৰঙাপৰা সমষ্টিৰ ৫ গৰাকী প্ৰাৰ্থী হ’ল কংগ্ৰেছৰ কাৰ্তিক কুৰ্মী, চিপিআই (এম)ৰ ৰয়েল চোৰেং, বিজেপিৰ ৰাজেন বৰঠাকুৰ, ভাৰতীয় গণ পৰিষদৰ অৰূপ কুমাৰ চৌধুৰী আৰু ছ’চিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ৰ সঞ্জীত ৰাজবংশী। জনিয়া সমষ্টিৰ ৯ গৰাকী প্ৰাৰ্থী হ’ল নেশ্যনেল পিপুলছ পাৰ্টিৰ চান্দ মাহমুদ, কংগ্ৰেছৰ চামচুল হক, বিজেপিৰ তৌফিকুৰ ৰহমান, এআইইউডিএফৰ ৰফিকুল ইছলাম, চিপিআই (এম)ৰ ৰুষ্টম আলী, আম আদমি পাৰ্টিৰ ফাৰুক খান, ডেমক্ৰেটিক পাৰ্টি অৱ ইণ্ডিয়াৰ ৰফিকুল ইছলাম আৰু দুই নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে আব্দুল জলিল তালুকদাৰ, সুভাষ সূত্ৰধৰ।
ইফালে ৰাতাবাৰী সমষ্টিৰ ৪ গৰাকী প্ৰাৰ্থী হ’ল কংগ্ৰেছৰ কেশৱ প্ৰসাদ ৰাজাক, বিজেপিৰ বিজয় মালাকাৰ, ছ’চিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ৰ বীৰেন্দ্ৰ ৰবিদাস আৰু নিৰ্দলীয় প্ৰাৰ্থী পৰীক্ষিত ৰয়। এই ৪ টা সমষ্টিৰ ৮৩০ টা ভোট কেন্দ্ৰত মুঠ ৬ লাখ ৭৮ হাজাৰ ৮৯৮ গৰাকী ভোটাৰে মতদান কৰিব। সোণাৰি সমষ্টিৰ ভোট কেন্দ্ৰৰ সংখ্যা ২০২ টা। সমষ্টিটোত ভোটাৰৰ সংখ্যা ১ লাখ ৭০ হাজাৰ ৫৮৭ জন।
ৰঙাপৰা সমষ্টিৰ ভোট কেন্দ্ৰৰ সংখ্যা ১৯৭ টা। ভোটাৰৰ সংখ্যা ১ লাখ ৫৫ হাজাৰ ২৬৭ জন। জনিয়া সমষ্টিত ভোট কেন্দ্ৰৰ সংখ্যা ২২৯ টা। ভোটাৰৰ সংখ্যা ১ লাখ ৮৮ হাজাৰ ২১৪ জন। ইপিনে ৰাতাবাৰীত ভোট কেন্দ্ৰৰ সংখ্যা ২০২ টা। ভোটাৰৰ সংখ্যা ১ লাখ ৬৪ হাজাৰ ৮৩০ জন। উল্লেখ্য, জনিয়াত এগৰাকী তৃতীয় লিংগৰ ভোটাৰেও গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। ২৪ অক্টোবৰত এই চাৰিওটা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব।













