মন্দিৰৰ গহনা চুৰি কৰাৰ পিছত পুনৰ ঘূৰাই দি গ’ল চোৰে। কাৰণ সপোনত তেওঁক ভয় দেখুৱাইছে স্বয়ং ‘দেৱী মা’ই। ঘটনাটো যোগী আদিত্যনাথৰ উত্তৰ প্রদেশৰ। চিত্রকূটৰ এটা প্রাচীন বালাজি মন্দিৰৰ পৰা ১৬টা অষ্টধাতুৰ বিগ্রহ চুৰি কৰিছিল চোৰৰ এটি দলে। তাৰে ভিতৰত ১৪টা ঘূৰাই দি যায়। চোৰৰ দলটোৰ দাবী, চুৰি কৰাৰ পিছৰ পৰাই দুঃস্বপ্ন দেখিছিল সিহঁতে। ফলত ভয়তে সকলো ঘূৰাই দিয়ে মন্দিৰত।
৯ মে’ত তাৰাউনহাৰ বালাজি মন্দিৰৰ পৰা কোটি টকা মূল্যৰ অষ্টধাতুৰ বিগ্রহ চুৰি হৈছিল। পিছত এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, চুৰি হোৱা ১৬টা বিগ্রহৰ ভিতৰত ১৪টা বস্তাত ভৰাই থৈ যায়। বস্তাটোত এখন চিঠিও আছিল। তাত লিখা আছিল, নিশা ভয়ঙ্কৰ স্বপ্ন দেখে চোৰৰ দলটোৱে। সেয়ে ভয়তে মূৰ্তিকেইটা সিহঁতে ঘূৰাই দিয়ে।