![]()
নেৰানেপেৰা বৰষুণ আৰু বানত বিপর্যস্ত অসম। ফলত ব্যাহত হৈ পৰিছে জনজীৱন। তাৰ মাজতেই প্ৰকাশ পাইছে বানৰ তাণ্ডৱৰ ভয়ঙ্কৰ ছবি আৰু ভিডিও।
হাফলং ৰে’ল ষ্টেচন সম্প্ৰতি পানীৰ তলত। বোকা আৰু পানীত বিপৰ্যস্ত ষ্টেচনটো। পানীৰ সোঁতৰ তীব্রতা ইমানেই বেছি যে ষ্টেচনত ৰৈ থকা যাত্রীবাহী ৰে’লৰ কেইবাটাও দবা বাগৰি পৰে। ৰে’ল বিভাগে জনোৱা মতে, ডিটোকচেৰা ষ্টেচনত আবদ্ধ হৈ পৰা এখন ৰে’লৰ ১৮০ জন যাত্রীকেই ইতিমধ্যে নিৰাপদে উদ্ধাৰ কৰা হৈছে।বিগত কেইবা দিনো ধৰি ৰাজ্যত প্রবল বৰষুণ। বানৰ কবলত ৰাজ্যৰ ২০ জিলাৰ ২ লক্ষ বাসিন্দা। পানীৰ তলত বেছিভাগ ৰে’ল লাইন। সেই কাৰণে ২৯খন ৰে’ল বাতিল কৰিছে ভাৰতীয় ৰে’লে। পাহাৰীয়া জিলা ডিমা-হাচওত নিৰন্তৰ খহনীয়া। যাৰ বাবে দেশৰ বাকী অংশৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে জিলাখনৰ।
লামডিং–বদৰপুৰ বিভাগত আবদ্ধ হৈ পৰে দুখন ৰে’ল। খহনীয়া আৰু ৰে’ল লাইন পানীত ডুব যোৱাত ৰে’ল দুখন আগবাঢ়িব পৰা নাছিল। তাৰ পৰা ২,৮০০ যাত্রীক উদ্ধাৰ কৰা হৈছে।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনাইছে, বানত সৰ্বাধিক ক্ষতি হৈছে হোজাই আৰু কাছাৰ জিলাৰ। সমগ্ৰ ৰাজ্যত এটাৰ পিছত আনটো ৰাস্তা, দলং ভাঙিছে বা চলাচলৰ বাবে অযোগ্য হৈছে। পানীৰ তলত কৃষিভূমি। উদ্ধাৰত নামিছে কেন্দ্র আৰু ৰাজ্যিক দুৰ্যোগ ব্যবস্থাপনা বাহিনী। এই পৰ্যন্ত বানত মৃত্যু হৈছে ৭জন লোকৰ।













