![]()
১০০ দিনৰ কামত দুর্নীতি ৰুধিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কেন্দ্রৰ। এতিয়াৰে পৰা এই কামত অংশগ্রহণকাৰী শ্রমিকসকলৰ কেন্দ্রীয় চৰকাৰৰ এপত বায়োমেট্রিক উপস্থিতি বাধ্যতামূলক কৰা হ’ল। এই এপত বায়োমেট্রিক উপস্থিতি থাকিলেহে পাৰিশ্রমিক লাভ কৰিব। সোমবাৰৰ পৰা এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে। সকলো ৰাজ্যকে এই বিষয়ত পত্ৰ দি সিদ্ধান্ত কার্যকৰী কৰিবলৈ নির্দেশ দিছেই কেন্দ্রই। সেই মতে খণ্ড উন্নয়ন কাৰ্যালয়বোৰত কাম আৰম্ভ কৰিবলৈ কোৱা হৈছে। কেন্দ্রীয় চৰকাৰৰ ‘নেচনেল মোবাইল মনিটৰিং ছিষ্টেম’ এপৰ জৰিয়তেই বায়োমেট্রিক উপস্থিতি দিব লাগিব। বহীত উপস্থিতি লিখিলে সেয়া আৰু গণ্য কৰা নহ’ব।

উল্লেখ্য, কেন্দ্রীয় ১০০ দিনৰ কামক লৈ প্রচুৰ অভিযোগ আহিছে দেশৰ বিভিন্ন প্রান্তৰ পৰা। ক’ৰবাত ভুৱা জব কার্ড সৃষ্টি, ক’ৰবাত শ্রমিকৰ বেতনৰ পৰা কৰ্তন কৰা, ক’ৰবাত উপস্থিতি নিদিয়াকৈয়েই শ্রমিকসকলে বেতন পোৱাৰ অভিযোগ উঠিছিল। ক’ৰবাত আকৌ একেই কাম দেখুৱাই বাৰে বাৰে বেতন লোৱাৰ দৰে অভিযোগো জমা হয় গ্রামোন্নয়ন মন্ত্ৰালয়ত। সেয়ে আৰু পলম কৰিব নিবিচাৰিলে কেন্দ্রীয় চৰকাৰে। ফলত সোমবাৰৰ পৰাই ১০০ দিনৰ কামত বায়োমেট্রিক উপস্থিতি বাধ্যতামূলক কৰা হয়।













