ASSAM TIMES POST
গুৱাহাটীঃ অসমত বৃদ্ধি পাইছে গৰু আৰু গাহৰিৰ সংখ্যা। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰণালয়ে প্ৰকাশ কৰা বিংশ পশুধন পিয়লৰ তথ্যতে এই কথা ওলাই পৰিছে। সেই অনুসৰি, ২০১২ চনত অসমত গৰুৰ সংখ্যা আছিল ১০.৩ নিযুত। ২০১৯ চনত এয়া বৃদ্ধি হৈ হয় ১০.৯ নিযুত। একেদৰে ২০১২ চনত ৰাজ্যত গাহৰিৰ সংখ্যা আছিল ১.৬৪ নিযুত। ২০১৯ চনত এই সংখ্যা বৃদ্ধি হৈ হয় ২.১০ নিযুত। সমান্তৰালভাৱে ৰাজ্যত হাঁহ-কুকুৰাৰ সংখ্যা বৃদ্ধি পাইছে।













