![]()
অসমৰ অন্যান্য জিলাৰ লগতে কাৰ্বি আংলং জিলাতো শনিবাৰে ৰাষ্ট্ৰীয় লোক আদালত । ডিফুস্থিত কাৰ্বি আংলং জিলা তথা সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় লোক আদালতত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মালাশ্ৰী নন্দী ৷ ন্যায়াধীশ গৰাকীয়ে ডিফু ন্যায়িক আদালতত উপস্থিত থাকি বন্তি প্ৰজলন কৰি ৰাষ্ট্ৰীয় লোক আদালতৰ শুভাৰম্ভ কৰে ন্যায়াধীশগৰাকীক সহযোগিতা আগবঢ়ায় কাৰ্বি আংলং জিলা আৰু সত্ৰ ন্যয়াধীশ আব্দুল হেকিম, সহকাৰী সত্ৰ ন্যায়াধীশ মিছবাহুল আনছাৰী, মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাঙ, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব বিজয়া খাকলাৰী আৰু ডিফুত অধ্যয়নৰত আইনৰ ছাত্ৰ-ছাত্ৰীসকলে ডিফু ন্যায়িক আদালতলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মালাশ্ৰী নন্দী উষ্ম আদৰণি জনায় ৷
উক্ত লোক আদালতত বি.এছ.এন.এল, এ.পি.ডি.চি.এল আৰু বেংকসমূহৰ আনাদয় ঋণ তথা বিদ্যুৎ, দুৰভাষ সেৱাৰ বিল সম্পৰ্কীয় ওজৰ আপত্তি সমূহৰ লগতে বিভিন্ন আপোচ যোগ্য ফৌজদাৰী গোচৰ, বিবাহজনীত গোচৰ, যান-হন আইন ১৯৮৮ অধীনৰ গোচৰসমূহ ইয়াতে নিষ্পত্তিকৰণৰ ব্যৱস্থা লোৱা হৈছিল বুলি জানিব পৰা গৈছে ৷ ইয়াৰে মীমাংসা যোগ্য এপিডিচিএল আৰু বেংকৰ ২৪৯৪ টা গোছৰৰ ১৩৮ গোছৰ নিষ্পত্তি হয় আৰু ইয়াৰ জৰিয়তে ১৫ লাখ ৮ টকা সংগ্ৰহ কৰা হয় ৷ ইয়াৰোপৰি আদালতৰ যান বাহনৰ মীমাংসাযোগ্য গোছৰ সমূহৰ ৬৯৭ টাৰ ১৪০ টা গোছৰৰ নিষ্পত্তি কৰণ কৰা হয় আৰু ইয়াৰ জৰিয়তে ৩ লাখ ৭১ হাজাৰ টকা সংগ্ৰহ কৰা হয় বুলি জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷












