![]()
হঠাৎ ত্রিপুৰাৰ মুখ্যমন্ত্রী পদ ইস্তফা দিলে বিপ্লৱ দেৱে। ত্রিপুৰাৰ ৰাজ্যপালৰ ওচৰত পদত্যাগ-পত্র দিছে বিপ্লৱ দেৱে। মুখ্যমন্ত্রীৰ ইস্তফাক লৈ এতিয়া তুমুল চৰ্চা চলিছে ৰাজনৈতিক মহলত! কিন্তু এনে কি ঘটনা ঘটিল যে ইস্তফা দিব লগা হ’ল বিপ্লব দেৱে? অহা বছৰ ত্রিপুৰাত বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বেই ইস্তফা দিয়ে বিপ্লব দেৱে। তেওঁৰ কার্যকাল আৰু ১০ মাহ বাকী আছিল। এটা শাৰীৰ ইস্তফা-পত্রত বিপ্লব দেৱে কেৱল আজি অর্থাৎ ১৪ মে’ শনিবাৰৰ পৰাই তেওঁৰ ইস্তফা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছে। ২০১৮ চনৰ ৯ মার্চত মুখ্যমন্ত্রী পদত শপত লৈছিল বিপ্লব দেৱে। সংগঠনৰ কামলৈ উভতিব বুলি সংবাদ মাধ্যমক জনাইছে বিপ্লব দেৱে।

ইস্তফাৰ পিছত তেওঁ জনাইছে, মুখ্যমন্ত্রী হিচাবে তেওঁ কেন্দ্রীয় নেতৃত্বৰ মার্গদর্শন অনুযায়ী ইমান দিনে কাম কৰি গৈছিল। কিন্তু এইবাৰ দলে তেওঁক সংগঠনৰ কামত লগাব বিচাৰে। ত্রিপুৰাৰ বিদায়ী মুখ্যমন্ত্রীৰ বক্তব্য, ‘দলে বিচাৰিছে ২০২৩ৰ নির্বাচনৰ আগতে সংগঠনৰ শক্তি বৃদ্ধি কৰিবলৈ। দীর্ঘ সময় চৰকাৰত থকাৰ বাবে সংগঠনৰ শক্তি বৃদ্ধিৰ প্ৰয়োজন। সংগঠন থাকিলেহে চৰকাৰ থাকিব। সেয়ে দলে মোক সংগঠনৰ কামত লগাব বিচাৰিছে।‘ বিপ্লবে কয় ‘ইমান দিন প্রধানমন্ত্রীৰ মার্গদর্শনত কাম কৰি আহিছো। এইবাৰ কেন্দ্রীয় নেতৃত্বৰ ইচ্ছাতেই সংগঠনৰ কাম কৰিম।’ অৱশ্যে মুখেৰে একো নক’লেও দলৰ গোষ্ঠীদ্বন্দ্ব, সুদীপ ৰায় বর্মনসহ কেইবাজনো বিধায়কৰ দলত্যাগ বিপ্লবৰ বিৰুদ্ধে কাৰক হিচাবে কাম কৰিছে বুলিয়েই অনুমান কৰিছে। তাৎপর্যপূর্ণভাবে শুক্রবাৰে অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতেই শনিবাৰে ইস্তফা দিলে বিপ্লব দেৱে। আনহাতে, ত্রিপুৰাত কেন্দ্রীয় পর্যবেক্ষক ভুপেন্দ্র যাদৱসহ বাকী পর্যবেক্ষকসকল উপস্থিত হৈছেগৈ। পৰিষদীয় দলৰ বৈঠকত বহিছে বিজেপি। শনিবাৰেই নতুন মুখ্যমন্ত্রীৰ নাম ঘোষণা হ’ব পাৰে।













