
আহমেদাবাদৰ এখন পলিটেকনিক কলেজৰ এগৰাকী অধ্যক্ষাক ছাত্রীৰ ভৰিত ধৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উঠিল অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ (এবিভিপি)-ৰ এজন নেতাৰ বিৰুদ্ধে। এই সংক্রান্তত এটি ভিডিও নেট মাধ্যমত ভাইৰেল হৈছে।
তাত দেখা গৈছে অধ্যক্ষাৰ কোঠাত তীব্ৰ বাক-বিতণ্ডা চলিছে। তর্ক-বিতর্ক চলাৰ মাজতে হঠাৎ অধ্যক্ষাগৰাকীক দেখা গ’ল তেওঁৰ সন্মুখত থিয় হৈ থকা এগৰাকী ছাত্রীক নত হৈ প্রণাম কৰা। লগতে তেওঁৰ ভৰিতো ধৰে।
দাবী কৰা মতে, ভিডিওটি আহমেদাবাদৰ এছএএল ডিপ্লমা কলেজৰ। দ্বিতীয় বর্ষৰ ছাত্রীগৰাকীৰ কলেজত উপস্থিতিক লৈ বিতৰ্কৰ সূত্রপাত। অভিযোগ, যোৱা বৃস্পতিবাৰে ছাত্রীগৰাকীৰ হৈ প্ৰশ্ন কৰিবলৈ অধ্যক্ষা মণিকা স্বামীৰ কাৰ্যালয়ত প্ৰৱেশ কৰে এবিভিপি নেতা অক্ষত জয়ছোৱাল। তেতিয়াই কথা কটাকটিৰ মাজতে এই ঘটনাটি ঘটে।
ইফালে বিষয়টিৰ তীব্র বিৰোধিতা কৰিছে এনএছইউআইয়ে। ছাত্র সংগঠনটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক ভাবিক ছোলাঙ্কিয়ে কয়, “এবিভিপিৰ এই কাৰ্য অত্যন্ত নিন্দনীয়। এই ঘটনাই প্রমাণ কৰে যে এবিভিপিয়ে গুণ্ডাগিৰি কৰে।”
আনহাতে, অধ্যক্ষাগৰাকীয়ে এক সর্বভাৰতীয় সংবাদ মাধ্যমক জনায় যে ইয়াৰ আগতেও অক্ষত কলেজৰ ভিতৰত গণ্ডগোল হৈছিল। ততেওঁৰ অভিযোগ, “মোক ছাত্রীগৰাকীৰ ভৰিত ধৰিবলৈ বাধ্য কৰোৱা হৈছে। ভিডিওটি ভাইৰেল হোৱাৰ পিছতেই এবিভিপিৰ শীর্ষ নেতাসকল মোৰ ওচৰলৈ আহিছিল আৰু উক্ত ঘটনাৰ বাবে দুখ প্রকাশ কৰি ক্ষমাও বিচাৰে।”












