বৰপেটা সদৰ থানাৰ অন্তৰ্ধত চকিৰভিঠা অঞ্চলৰ নিবাসী মনিয়াৰা খাতুনক কয়াকুছি বজাৰৰ পৰা অপহৰণ কৰি হাৰিয়ানাত ডেৰ লাখ টকাত বিক্ৰী কৰা হয়।
বিগত ২০২০ চনৰ ২৩ নৱেম্বৰতেই আশ্ৰাফুল ইছলাম আৰু ছাদ্দাম হুচেইনে যুৱতীগৰাকীক অপহৰণ কৰি নিয়াৰ সম্পৰ্কে বৰপেটা সদৰ আৰক্ষী থানাত ২৩৭/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছিল যদিও আৰক্ষী চকীৱে পৰা এই বিষয়ত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।
যুৱতীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়া মতে, আৰক্ষী বিষয়া সহিদু ইছলামে ৩০ হাজাৰ উৎকোচ লোৱাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। কিন্তু শেহতীয়াকৈ কয়াকুছিৰ স্বপ্না মহিলা সমিতিৰ সম্পাদিকা মমতাহ জাহান তালুকদাৰৰ সক্ৰিয়তা তথা তৎপৰতাত যুৱতী গৰাকীক উদ্ধাৰ কৰি চেঙা সমষ্টিৰ অন্তৰ্গত ভৈৰাগুৰিত ৰখা হয়।
আনহাতে, ভৈৰাগুৰিত উপস্থিত হৈ কয়াকুছি আৰক্ষীয়ে যুৱতীগৰাকীক কয়াকুছিলৈ লৈ আনে। অৱশ্যে এই বিষয়ত আগন্তুক দিনত অভিযুক্ত দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়।